Posts

জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শাহানুৰ আলমক আটক

Image
Breaking.... 👉জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শাহানুৰ আলমক আটক 👉জুৰীয়াৰ দগাওঁ পহৰা চকীৰ আৰক্ষীৰ অভিযানত লালুং গাৱৰ শাহানুৰ আলমক এটা চাবোনৰ বাকচ ভৰ্ত্তি( ১৪ গ্ৰাম ) ড্ৰাগছ সহ আটক কৰে আৰক্ষীয়ে 👉দগাওঁ শালপাৰা ৰেল আলীত ড্ৰাগছ বিক্ৰি কৰিবলৈ যোৱা শাহানুৰ আলম  জুৰীয়া লালুং গাঁৱৰ  ৰমজান আলীৰ পুত্ৰ  👉শাহানুৰ আলমৰ লগত কোন কোন জড়িত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

গোৱালপাৰা লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা অসম নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰৰ প্ৰতিক্ৰিয়া

Image
গোৱালপাৰা লক্ষীপুৰত   মিঞা মিউজিয়াম ছীল কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা অসম নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰৰ প্ৰতিক্ৰিয়া গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰাক সমৰ্থন জনাইছে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰে। মিয়া মিউজিয়াম সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে, মিঞা শব্দৰ অৰ্থ হৈছে মহাশয়, জনাব, ডাঙৰীয়া আৰু ইংৰাজীত ছাৰ ই কোনো জাতি বা সম্প্ৰদায় নহয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ  এই ভাষ্যৰ লগত  তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিৰ তালুকদাৰে একমত প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী য়ে ভাল কথাই কৈছে কিন্তু নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কাক বুজাইছিল সেইটো ৰাজহুৱা কৰক । নাঙল, জুৱলি,জাল কোনো সম্প্ৰদায়ৰ নহয় এইবোৰ কৃষকৰ হে সম্পদ। ইয়াত মুখ্যমন্ত্ৰীয়েও নিজৰ বুলি দাবী কৰা অনুচিত। কোনোবাই আমাক ভাগ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই  গুৰুৰ দৰে সকলোকেএকত্ৰিত হে কৰিব লাগে। লুঙি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা বিৰূপ মন্তব্যৰ ওপৰতো...

এটা দুঃখবৰ

Image
এটা দুঃখবৰ । বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু আমাৰ মাজত নাই । পুৱা ৯:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছে নিপন গোস্বামীয়ে। আৰু দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকীয়ে। ১৯৪৭ চনৰ চেপ্তেম্বৰত তেজপুৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল আৰু ৯ বছৰ বয়সতেই 'লাচিত বৰফুকন' নাটকত প্ৰথম অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। ১০০ৰো অধিক ছবিত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে ২০২১ বৰ্ষত ড. ভৱেন্দনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল আৰু আৱাহন থিয়েটাৰে এই বঁটাৰে সন্মানিত কৰে নিপন গোস্বামীক। ১৯৫৭ চনত পিয়লি ফুকনত শিশুশিল্পীৰ ভূমিকাত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। 'সংগ্ৰাম' বুলছবিত নায়কৰ ৰূপত প্ৰথম অভিনয় কৰিছিল। এই মূহুৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ আজি পুৱা ৯:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা নিপন গোস্বামীয়ে। গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। আৰু দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী

ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান ।

Image
👉ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান । 👉জুৰীয়াৰ মেলাকাডিংগত অভিযান চলাই জুৰীয়া আৰক্ষীৰ এটা দলে জব্দ কৰে ড্ৰাগছৰ লগতে আটক কৰে এজন ড্ৰাগছ পেডলাৰক । 👉জুৰীয়া আৰক্ষীয়ে আটক কৰা ড্ৰাগছ পেডলাৰটোৰ  নাম ছফিৰ উদ্দিন। 👉ধৃত ছফিৰ  উদ্দিনৰ পৰা আৰক্ষীয়ে ৫.৭২ গ্ৰাম ড্ৰাগছৰ লগতে ৫০  টা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছ পেডলাৰটোক জেৰা অব্যাহত ৰাখিছে।

কোকিল কন্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই।

Image
কোকিল কন্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই। মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালত মৃত্যুক আকোৱালি লৈ কোকীল কণ্ঠি গায়িকা গৰাকী। কবিডত আক্ৰান্ত হৈ চিকিৎসাধিন হৈ আছিল কোকিল কণ্ঠি গায়িকা গৰাকী। যোৱা ৮ জানুৱাৰী ৰ পৰা চিকিৎসাধীন হৈ আছিল মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালত। শেষত শেষ নিস্যস ত্যাগ কৰে মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালত। আমি পুনৰবাৰ জনাইছোঁ। কোকিল কন্ঠী গায়িকা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই। মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালত মৃত্যুক আকোৱালি লৈ কোকিল কণ্ঠি গায়িকা গৰাকী। কবিডত আক্ৰান্ত হৈ চিকিৎসাধিন হৈ আছিল কোকিল কণ্ঠি গায়িকা গৰাকী। যোৱা ৮ জানুৱাৰী ৰ পৰা চিকিৎসাধীন হৈ আছিল মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালত। শেষ নিস্যস ত্যাগ কৰে মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালত। আমি মোম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পাতালৰ কিছু দৃশ্য দেখুৱাবলৈ লৈছো , এনেকৈ অনুৰাগীৰ লাহে লাহে ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে লাহে লাহে আহিবলৈ ধৰিছে হাস্পাতাললৈ।

গুৱাহাটী বিমানবন্দৰৰ পৰা অসমৰ প্ৰথমটো ওমৰাহ হজ্বযাত্ৰীৰ দল মক্কা অভিমুখে ৰওনা।

Image
গুৱাহাটী বিমানবন্দৰৰ পৰা অসমৰ প্ৰথমটো ওমৰাহ হজ্বযাত্ৰীৰ দল মক্কা অভিমুখে ৰওনা।  বিমান বন্দৰত ওমৰাহ হজ্বযাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন।  শুক্ৰবাৰে  গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ্ব ট্ৰেভেলচৰ জৰিয়তে নগাঁও, বৰপেটা, চিৰাং, বঙাইগাঁও, ধুবুৰী, লক্ষিমপুৰ আদি জিলাৰ পৰা অসমৰ প্ৰথমটো ওমৰাহ হজ্বযাত্ৰীৰ দল  মক্কা অভিমুখে ৰাওনা হৈছে। সেই অনুসৰি গুৱাহাটী বিমানবন্দৰ প্ৰাংগনত হজ্বযাত্ৰী সকলক  সম্বৰ্ধনা জনোৱা উপলক্ষে এখন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত অসমীয়া ফুলাম গামোচাৰে ওমৰাহ হজ্বযাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত ট্ৰেভেলচৰ অধ্যক্ষ আলহাজ আব্দুল হাই, কাৰ্য্যনিৰ্বাহক সদস্য আলহাজ দেৱান নুৰ ইছলাম, কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আজিজুৰ ৰহমান, নগাঁও জিলাৰ মুফতি আব্দুল কৰিম প্ৰমুখ্যে কেইবাজন সাংবাদিক উপস্থিত  থাকে । উল্লেখ্য যে বিগত দুটা বছৰ কৰনা মহামাৰীৰ বাবে হজ্ব আৰু ওমৰাহ হজ্ব বন্ধ আছিল।  কাইলৈ মদিনাত ট্ৰেভেলচৰ মুখ্য সচিব আলহাজ মনিৰ উদ্দিনে ওমৰাহ হজ্বযাত্ৰী  সকলক আদৰণি...

ঠিকা ভিত্তিক কৰ্মচাৰীৰ অবস্থান ধৰ্মঘটৰ অব্যাহত* ।

Image
ঠিকা ভিত্তিক কৰ্মচাৰীৰ   অবস্থান ধৰ্মঘটৰ অব্যাহত* ।      *ডাৱৰীয়া বতৰৰ মাজতে আজি চতুৰ্থ দিনাও মৈৰাবাৰী উন্নয়ন খন্ডত প্ৰতিবাদ* সমগ্ৰ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক  কৰ্মচাৰীৰ অবস্থান ধৰ্মঘট আজি চতুর্থ দিনতো অব্যাহত।  #  আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনত কাম কৰা  ঠিকাভিত্তিক কৰ্মচাৰীৰ হিচাপে GRS, GPC, computer Assistant, AE আদিৰ কৰ্মচাৰী সমূহে  অবস্থান ধর্মঘটত বহাৰ লগতে কেইবাটাও দাবী উত্থাপনত অটল থাকে। # কৰ্মচাৰীৰ সমূহে উত্থাপন কৰা দাবী কেইটা হল ক্ৰমে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক। #সকলো কৰ্মচাৰীৰ R.O.Pৰ ব্যৱস্থা কৰক। # সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰক। #চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক। #বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা /যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয় ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদানৰ দাবীৰ লগতে বিভাগটোত অসমৰ মাননীয় মূখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে।  লগতে ঠিকাভিত্তিক কৰ্মচাৰীৰ লগত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগৰ সন্দৰ্ভতো...

কাছাৰ জিলাৰ আৰক্ষী অধিক্ষক ৰমনদ্বীপ কৌৰৰ সংবাদমেল।

Image
কাছাৰ জিলাৰ আৰক্ষী অধিক্ষক ৰমনদ্বীপ কৌৰৰ সংবাদমেল।

তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা। একেটা পৰিয়ালৰ তিনিগৰাকী গুৰুতৰ ভাৱে আহত।

Image
 তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা। একেটা পৰিয়ালৰ তিনিগৰাকী গুৰুতৰ ভাৱে আহত। @ তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা ৷ @ তামুলপুৰ জিলা সদৰৰ তামুলপুৰ - নাগ্ৰীজুলি -ওডালগুৰি পথৰ সৌৰাগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ @ পথ দুর্ঘটনাত তামুলপুৰ অভিমুখে তীব্ৰবেগে  আহি থকা A S - 01 - BB - 0708  নম্বৰৰ ৱাগণআৰ বাহন খন পথাৰ দ খাৱৈত সোমাই যায় ৷  @ কথমপি প্ৰাণ ৰক্ষা একেটা পৰিয়ালৰ  তিনি যাত্ৰীৰ। @ গুৰুতৰ ভাৱে আহত  পৰিয়ালটোৰ তিনিগৰাকী লোক ৷  @ওডালগুৰিৰ পৰা বৰপেটালৈ বিয়া খাবলৈ আহি আছিল পৰিয়ালটো ৷ @ পৰিয়ালটোৰ ঘৰ ওডালগুৰি সদৰৰ ৰাখালপথত। @আহত লোক কেইজন হৈছে  নিখিলৰঞ্জন ওজা (৫৫), তেওঁৰ পত্নী জোনালী ওজা( ৪৫) আৰু সন্তান জ্ঞানদ্বীপ ওজা (১২)। @ তিনিওকে স্থানীয় ৰাইজে আৰক্ষীৰ।সহযোগত  উদ্ধাৰ কৰি  তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ কৰে।  @ প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে  জিএমচিএইচলৈ প্ৰেৰণ  গুৰুতৰ ভাৱে আহত তিনিও জনক।

গৰাখহনীয়াত গৃহহীন ৭০ টা পৰিয়াল।

Image
কিশমত মৈনবৰী নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে বেঁকী নদীৰ বিধ্বংশী গৰাখহনীয়াই।    গৰাখহনীয়াত গৃহহীন ৭০ টা পৰিয়াল। অনাহাৰে ৰাস্তাৰ ওপৰত কটাইছে অনিদ্ৰা ৰজনী।  বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিশমত মইনবৰীত বেঁকী নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। নদীৰ গৰাখহনীয়াই কিশমত মইনবৰীত নৈপৰীয়া লোকৰ ঘৰ বাৰী, কৃষিভুমি সকলো বেঁকী নৈৰ বুকুত জাহ গৈছে। নৈৰ কৰাল গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে ৭০ টাকৈ পৰিয়াল। আনকি নৈখনৰ গৰাখহনীয়াই বিঘাই বিঘাই তিয়হ, মাকৈ, মাটিমাহ, জলকীয়া, সৰিয়হ আদি খেতি নদীৰ বুকুত জাঁহ যোৱাৰ ফলত খেতিয়কৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। চৰকাৰ, প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধি এই দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে নদীৰ গৰাখহনীয়া গ্ৰস্তক পুনৰ সংস্থাপন দিয়াৰ দাবী জনাইছে।

আত্মা”ৰ উদ্যোগত এদিনীয়াকৈ বড়ো খেতিৰ প্ৰশিক্ষণ সম্পন্ন:

Image
🟩 আত্মা”ৰ উদ্যোগত এদিনীয়াকৈ বড়ো খেতিৰ প্ৰশিক্ষণ সম্পন্ন:  🟢 অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাষ্ট্ৰীয় ধান গবেষণা কেন্দ্ৰ চমুকৈ (আই আৰ আৰ আই)ৰ সহযোগত আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাত  “আত্মা”ৰ উদ্যোগত বোকাখাত মহকুমাৰ মহুৰামুখৰ ২ নং অফলাত আজি এদিনীয়াকৈ বড়ো ধানৰ খেতিৰ ওপৰত প্ৰশিক্ষণৰ লগতে মেট পদ্ধতিৰে বড়ো ধানৰ কঠিয়া সীঁচা কাৰ্য পৰীক্ষামূলক ভাবে কৃৰ্ষক সকলক দেখোৱাৰ লগতে প্ৰশিষণ প্ৰদান কৰে ৷ 🟢২ নং অফলাৰ বড়ো খেতিৰ পথাৰত অনুষ্ঠিত কৰা প্ৰশিক্ষণত উপস্থিত থাকে এপাৰ্টৰ নডেল অফিচাৰ ৰঞ্জন বৰা, “আত্মা”ৰ প্ৰকল্প সঞ্চালক তপন কুমাৰ মহন্ত,  বোকাখাত খণ্ডৰ বি টি এম ৰমেন বৰমথাৰী, আই আৰ আৰ আইৰ কাৰিকৰী বিশেষজ্ঞ অভিশেষ সিংঘা,আই আৰ আৰ আইৰ বিশেষজ্ঞ স্বৰাজ বৈশ্য আৰু আই আৰ আৰ আইৰ কাৰিকৰী বিষয়া প্ৰদ্যুপ্ন শ্ৰীচানদিয়ানে৷  🟢দুকুৰিৰো অধিক কৃষকে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত নডেল অফিচাৰ ৰঞ্জন বৰাই কয়,--“আজিৰ প্ৰশিক্ষণে কৃষক সকলক উন্নত প্ৰযুক্তি বিদ্যাৰে অধিক উৎপাদন কৰাত সহায়ক হব৷ উন্নত প্ৰযুক্তি বিদ্যাই কৃষক সকলৰ কষ্ট কমাব আৰু উৎপাদন বঢ়াব৷” 🟢 কভিডৰ সকলোবোৰ বিধি মানি অনুষ্ঠিত কৰা প্ৰশিক্ষণ...

তামুলপুৰ বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচন ৷ নিৰ্বাচনৰ পৰা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ নাম প্ৰত্যাহাৰ ll

Image
তামুলপুৰ বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচন ৷ নিৰ্বাচনৰ পৰা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ নাম প্ৰত্যাহাৰ ll   বিপিএফ এৰি বিজেপিত যোগদান কৰিছিল ইমানুৱেল মোছাহাৰীয়ে। তামুলপুৰৰ উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীত্বৰ তীব্ৰ  দাবীদাৰ আছিল ইমানুৱেল মোছাহাৰী।  মিত্ৰ জোঁটে তামুলপুৰ আসন খন ইউপিপিএলক এৰি দিয়াত ক্ষোভিত হৈ নিৰ্দলীয় ভাৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল।  আজি ইমানুৱেল মোছাহাৰীয়ে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰে।  সাংবাদিকৰ আগত তেওঁ কয়-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত মনোনয়ন  প্ৰত্যাহাৰ কৰা হৈছে।   মুছলপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ইমানুৱেল মুছাহাৰীয়ে ll মনোনয়ন প্ৰত্যাহাৰৰ সময়ত  তেওঁৰ লগত  উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু তামুলপুৰ জিলা বিজেপিৰ নেতা- কৰ্মী ৷  ইমানুৱেল মোছাহাৰীক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ কোনো হেঁচা প্ৰয়োগ কৰা হোৱা নাই বুলি দিগন্ত কলিতাৰ ঘোষণা ll ইফালে চণ্ডী বসুমতাৰী আৰু দেবেন বড়োৱে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ ৷  এতিয়া ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতি...

হাউলী সাহিত্য সভা ভৱনত অসম সম্প্ৰীতি মঞ্চৰ বৰ্দ্ধিত কাৰ্যকৰী সভা।

Image
হাউলী সাহিত্য সভা ভৱনত অসম সম্প্ৰীতি মঞ্চৰ বৰ্দ্ধিত কাৰ্যকৰী সভা। বাংলাদেশত দুৰ্গোৎসৱত ব্যাঘাত জন্মোৱা দুষ্কৃতিকাৰীক গৰিহণা অসম সম্প্ৰীতি মঞ্চৰ। বিভিন্ন জাতি-ধৰ্ম,বৰ্ণ জনগোষ্ঠীৰ মাজত ঐক্য শান্তি, সম্প্ৰতি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ লক্ষ্যৰে গঠন হোৱা অসম সম্প্ৰতি মঞ্চৰ এখন বৰ্দ্ধিত কাৰ্যকৰী সভা ১৬ অক্টোবৰত হাউলী সাহিত্য সভা ভৱনত মঞ্চৰ সভাপতি হজৰত আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে  অসম সম্প্ৰতি মঞ্চৰ সাধাৰণ সম্পাদক ডাঃ আব্দুল কদ্দুচ চিকদাৰে। মঞ্চৰ কাৰ্যকৰী সভাপতি আব্দুল মালিকে মঞ্চৰ লক্ষ্য আৰু ইয়াৰ ভৱিষ্যত পৰিকল্পনাৰ  ওপৰত  বক্তব্য দিয়ে । সভাত অসম সম্প্ৰীতি মঞ্চৰ পহিলা অধিবেশন খন অহা জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত হাউলীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সভাত মৌলানা মইনুল হকৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় । উল্লেখ্য যে দুষ্কৃতিকাৰীয়ে বাংলাদেশত হিন্দু সকল দূৰ্গোৎসৱত ব্যাঘাত জন্মোৱাত দুষ্কৃতিকাৰী অসম সম্প্ৰীতি মঞ্চৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

নগাঁও জিলাৰ ধিংৰ বৰালিমাৰীত উত্তপ্ত পৰিস্থিতি

Image
👉🏿নগাঁও জিলাৰ ধিংৰ বৰালিমাৰীত উত্তপ্ত পৰিস্থিতি 👉🏿২নং বৰালিমাৰীৰ মহিবুৰ ৰহমান নামৰ ৮ বছৰীয়া শিশুৰ মৃত্যুক লৈ এই উত্তেজনা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ,অন্ধবিশ্বাস বলি হৈছে ৮ বছৰীয়া মহিবুৰ ৰহমান। 👉🏿ঠিকাদাৰ মহেন্দ্ৰ জৈনৰ গাফিলতিৰ কুফল ভোগ কৰিছে ফুলকমলীয়া শিশুটোৱে 👉🏿ধিংৰ ২নং বৰালিমাৰীত ঠিকাদাৰ মহেন্দ্ৰ জৈনে ১ কোটি ৮০ লাখ টকীয়া পানী যোগান আঁচনিটোৰ কাম আধৰুৱাত  উন্মূক্ত অৱস্থাত ৰাখিছিল 👉🏿উন্মূক্ত পানী যোগান আঁচনিত নতুনকৈ বডিং কৰা গাতত উপঙি থকা অবস্থাত ৰহস্যজনক বাবে উদ্ধাৰ হয় দেৱ শিশুটোৰ 👉🏿বৰালীমাৰীত ঠিকাদাৰৰ বিৰুদ্ধে  ৰাইজৰ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

ৰঙিয়াত ৰেল বিভাগত কৰ্মৰত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যু।

Image
  ৰঙিয়াত ৰেল বিভাগত কৰ্মৰত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যু। ৰঙিয়াত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যু। এঘৰ মানুহৰ ঘৰৰ পাছফালৰ মেটেকা ভৰ্ত্তি খাৱৈত পৰি মৃত্যু উমেশ ডেকা নামৰ লোকজনৰ। মৃত লোকজন ৰঙিয়াস্থিত  ৰেল বিভাগৰ মাণ্ডলীক প্ৰবন্ধৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ ধেমাজী জিলাত ৷ মৃত ব্যক্তিজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হোৱাৰ বাবে হত্যাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে, মৃত লোকজন যোৱা নিশা ৰঙিয়াৰ দলেগাঁৱৰ এক চুলাই ঘাটিলৈ গৈছিল।  অৱশেষত চুলাই -য়েই কাল হ'ল উমেশ ডেকাৰ। চুলাই-ৰ বাবেই অকাল মৃত্যুক সাৱটিব লগাত পৰে উমেশ ডেকা নামৰ লোকজনে।  মৃতদেহৰ কাষত ৰৈ পত্নীৰ কৰুণ বিননি। আচলতে এয়া আকস্মিক দুৰ্ঘটনা নে পৰিকল্পিত হত্যা কাণ্ড সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

ৰঙিয়া তুলসীবাৰীত অঘটন। ৰোগাক্ৰান্ত মহিলাৰ শ্লীলতা হানিৰ অভিযোগ। লম্পট ফাৰ্মাচীষ্ট জনক আটক। উপযুক্ত শাস্তিৰ দাবীত আৰক্ষী থানাত উপস্থিত স্থানীয় ৰাইজ।

Image
    ৰঙিয়া তুলসীবাৰীত অঘটন। ৰোগাক্ৰান্ত মহিলাৰ শ্লীলতা হানিৰ অভিযোগ।  লম্পট ফাৰ্মাচীষ্ট জনক আটক। উপযুক্ত শাস্তিৰ দাবীত আৰক্ষী থানাত উপস্থিত স্থানীয় ৰাইজ।      মহিলা - যুৱতীক চিকিৎসা কৰাৰ নামত ৰঙিয়া তুলসীবাৰীৰ এজন লম্পট ফাৰ্মাচীষ্টে দীৰ্ঘদিনৰ পৰা সংঘটিত কৰি আহিছে অপকৰ্ম। এনে অপকৰ্ম চলাই থকাৰ পিছতো বিভিন্ন কৌশলেৰে খবিৰুদ্দিন আহমেদ নামৰ ফাৰ্মাচীষ্ট জন জালত পৰা নাছিল ।  কিন্তু সেই বেয়া দিনটো আজি আহিল খবিৰুদ্দিন নামৰ এই ধুৰন্ধৰ ফাৰ্মাচীষ্ট জনৰ ।  হঠাতে স্থানীয় এগৰাকী মহিলাৰ গা-বেয়া লগাৰ বাবে তুলসীবাৰীৰ "বিউটি মেডিকেল ষ্টৰ" নামৰ ফাৰ্মাচীখনৰ ফাৰ্মাচীষ্ট খবিৰুদ্দিন আহমেদক ঘৰলৈ মাতে । মহিলা গৰাকীক প্ৰথমে খবিৰুদ্দিনে প্ৰেছাৰ জোখে । প্ৰেছাৰ জোখাৰ পিছতে খবিৰুদ্দিনে মহিলা গৰাকীৰ দেহৰ গুপ্তাংগত হাত দিয়ে । মহিলা গৰাকীয়ে প্ৰতিবাদ কৰাৰ পিছতো বাৰে বাৰে এনে অপকৰ্ম কৰিবলৈ চেষ্টা কৰাত কোনোমতে নিজকে ৰক্ষা কৰি মহিলা গৰাকী ফাৰ্মাচীষ্ট জনৰ কৱলৰ পৰা নিজক বচাবলৈ চেষ্টা কৰি চিঞৰি দিয়াত স্থানীয় লোক দৌৰি আহে। লগে লগে বিষয়টোৰ সন্ধৰ্ভত মহিলাগৰাকীয়ে ঘৰৰ পৰিয়ালৰ লগতে ...

গো ছিণ্ডিকেটৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে অসমত আৰম্ভ হ'ল নেকি ছাগলী ছিণ্ডিকেট !

Image
গো ছিণ্ডিকেটৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে অসমত আৰম্ভ হ'ল নেকি ছাগলী ছিণ্ডিকেট ! বহিঃৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰিলে ছাগলী ভৰ্ত্তি ট্ৰাক। ৰঙিয়াত জব্দ দুখনকৈ ছাগলী ভৰ্ত্তি ট্ৰাক।* অসম চৰকাৰে গো সুৰক্ষা আইন প্ৰণয়ন কৰাৰ পিছতে গো ছিণ্ডিকেট চক্ৰটোৱেই আৰম্ভ কৰিছে নেকি ছাগলী ছিণ্ডিকেট !  বহিঃৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰা দুখনকৈ ছাগলী ভৰ্ত্তি ট্ৰাক বৃহস্পতিবাৰে ৰঙিয়াত জব্দ কৰিলে আৰক্ষীয়ে।  অসম চৰকাৰে আন্তঃজিলা যাতায়ত ব্যৱস্থা খুলি দিয়াৰ লগে লগে বৃহৎ চক্ৰ এটাই বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাইছে ছাগলী ভৰ্ত্তি চাৰিখনকৈ ট্ৰাক। চাৰিখন ট্ৰাক ৰঙিয়াত আহি উপস্থিত হোৱাৰ লগে লগে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বিষয়টো আৰক্ষীক অৱগত কৰে।     ইয়াৰে দুখন ট্ৰাক পলায়ন কৰে যদিও BR-01-GH-5676 আৰু AS- 01-MC-4543 নম্বৰৰ আন দুখন ছাগলী ভৰ্ত্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে।ট্ৰাক দুখনত কোনোধৰণৰ নথিপত্ৰ নথকাৰ উপৰিও মনা নাছিল পশুধন কঢ়িয়াই অনা কোনো নিয়ম।  আৰক্ষীয়ে ৰঙিয়া বালাগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হোৱা ট্ৰাক দুখনত ...

ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালন ।

Image
 ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ সোমবাৰে সমগ্র দেশৰ লগতে ৰঙিয়াটো পালন কৰা হয় । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত এই উপলক্ষে এখন সভা অনুষ্ঠিত হয় । বিশ্ব হিন্দু পৰিষদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ উক্ত আলোচনা চক্ৰত বিশ্ব হিন্দু পৰিষদৰ কেইবাগৰাকী নেতাৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে । উপস্থিত থকা ব্যক্তি সকলে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত বক্তব্য ৰাখে  লগতে আজি ইয়াতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ আৰু মন্ত্ৰী পিয়ুশ হাজৰিকাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।তেওঁ কয় যে দিল্লীৰ অসম ভৱনত দুয়ো জন গৈছে চাহ পানী খাইছে কিন্তু ৰাজনৈতিক কথা আলোচনা হোৱা নাই,বিজেপিৰ লগত কোনো ধৰণৰ কথা বতৰা চলা নাই তেনেকুৱা একো ।আনহাতে আজি এআইডিউএফ  দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে মন্তব্য কৰিছিল যে ফণী তালুকদাৰক বিজেপিয়ে জেলৰ ভয় দেখুৱাই নিছে,সেই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে বিজেপি দলে তেনেকুৱা কাম কেতিয়াও নকৰে,সেইবিলাক কাম তেওঁলোকে কয় ,ভাৰতীয় জনতা পাৰ্টি আজি ইমান ডাঙৰ দল ইম...

ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান ।

Image
ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান । কামৰূপ জিলা কংগ্ৰেছ দলৰ মুল দায়িত্ব এজন সাংগঠনিক ভাবে অপৰিপক্ক ব্যক্তিৰ হাতত অৰ্পণ কৰাৰ পিচৰে পৰা সমগ্ৰ জিলাখনতে সাংগঠনিক দিশটো সম্পুৰ্ণৰূপে ভাঙি চুৰ্ণবিচুৰ্ণ হৈ পৰিছে । যাৰ ফলত ধৰ্ম নিৰপক্ষ দল এটা বিচাৰি বিশেষকৈ সংখ্যা লঘু লোকসকলে হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে । উপায়ন্তৰ হৈ সংখ্যা লঘু লোকসকলে অসম গণ পৰিষদ দলটো তেওলোকৰ ৰক্ষা কৱচ হিচাপে ভাবি দলটোত যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।  বিশেষকৈ কামৰূপ জিলা কংগ্ৰেছ দলৰ সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ গৃহ সমষ্টি  ৰঙিয়াতে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটি থানবান হৈ পৰা দেখা গৈছে । যাৰ ফলত দলটোৰ একাংশ নিষ্ঠাবান কৰ্মী অসম গণ পৰিষদত যোগদান কৰিছে । এনে ধাৰাবাহিকতা ৰক্ষা কৰি ৰবিবাৰে ৰঙিয়া অগপৰ কাৰ্য্যালয়ত কংগ্ৰেছ দলৰ বহু তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে অগপত যোগদান কৰে অগপৰ ৰঙিয়া বিধানপৰিষদৰ সভাপতি লিলাধৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অগপৰ যোগদান কাৰ্য্যসূচীত প্ৰায় শতাধিক পুৰুষ মহিলাই যোগদান কৰে । অগপৰ কেন্দ্ৰীয় সমিতিৰ...

বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল ।

Image
বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল । নগাঁও জিলাৰ বটদ্ৰৱাত চোৰাং চাউল জব্দ। ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশাৰ ভাগত বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে AS 02 CC 6890 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক । লগতে আটক কৰে মকবুল ইছলাম আৰু হেকমত আলী নামৰ দুজন চোৰাং চাউল সৰবৰাহকাৰীক । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা চলাই আহিছিল । ৰহস্যজনক ভাবে আৰক্ষীৰ চকুত ধূলি দিবলৈ ১৬০ বস্তা ধানৰ মাজত কৌশলেৰে ৪০ বেগ সমবায়ৰ সমিতিৰ (FCI )ৰ চাউল সৰবৰাহৰ চেষ্টা চলাইছিল যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা চাউল ভৰ্তি ট্ৰাক সহ দুজনক   আটক কৰিবলৈ সক্ষম হয়।