ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালন ।


 ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ সোমবাৰে সমগ্র দেশৰ লগতে ৰঙিয়াটো পালন কৰা হয় । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত এই উপলক্ষে এখন সভা অনুষ্ঠিত হয় । বিশ্ব হিন্দু পৰিষদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ উক্ত আলোচনা চক্ৰত বিশ্ব হিন্দু পৰিষদৰ কেইবাগৰাকী নেতাৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে । উপস্থিত থকা ব্যক্তি সকলে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত বক্তব্য ৰাখে 

লগতে আজি ইয়াতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ আৰু মন্ত্ৰী পিয়ুশ হাজৰিকাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।তেওঁ কয় যে দিল্লীৰ অসম ভৱনত দুয়ো জন গৈছে চাহ পানী খাইছে কিন্তু ৰাজনৈতিক কথা আলোচনা হোৱা নাই,বিজেপিৰ লগত কোনো ধৰণৰ কথা বতৰা চলা নাই তেনেকুৱা একো ।আনহাতে আজি এআইডিউএফ  দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে মন্তব্য কৰিছিল যে ফণী তালুকদাৰক বিজেপিয়ে জেলৰ ভয় দেখুৱাই নিছে,সেই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে বিজেপি দলে তেনেকুৱা কাম কেতিয়াও নকৰে,সেইবিলাক কাম তেওঁলোকে কয় ,ভাৰতীয় জনতা পাৰ্টি আজি ইমান ডাঙৰ দল ইমান কৰ্মকৰ্তা আছে আমি কাকো ভয় দেখুৱাই আনিব নালাগে কোনোবাই নিজেই আহে ।


Comments