Posts

Showing posts with the label #newsaxom

নগাঁও জিলাৰ ধিংৰ বৰালিমাৰীত উত্তপ্ত পৰিস্থিতি

Image
👉🏿নগাঁও জিলাৰ ধিংৰ বৰালিমাৰীত উত্তপ্ত পৰিস্থিতি 👉🏿২নং বৰালিমাৰীৰ মহিবুৰ ৰহমান নামৰ ৮ বছৰীয়া শিশুৰ মৃত্যুক লৈ এই উত্তেজনা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ,অন্ধবিশ্বাস বলি হৈছে ৮ বছৰীয়া মহিবুৰ ৰহমান। 👉🏿ঠিকাদাৰ মহেন্দ্ৰ জৈনৰ গাফিলতিৰ কুফল ভোগ কৰিছে ফুলকমলীয়া শিশুটোৱে 👉🏿ধিংৰ ২নং বৰালিমাৰীত ঠিকাদাৰ মহেন্দ্ৰ জৈনে ১ কোটি ৮০ লাখ টকীয়া পানী যোগান আঁচনিটোৰ কাম আধৰুৱাত  উন্মূক্ত অৱস্থাত ৰাখিছিল 👉🏿উন্মূক্ত পানী যোগান আঁচনিত নতুনকৈ বডিং কৰা গাতত উপঙি থকা অবস্থাত ৰহস্যজনক বাবে উদ্ধাৰ হয় দেৱ শিশুটোৰ 👉🏿বৰালীমাৰীত ঠিকাদাৰৰ বিৰুদ্ধে  ৰাইজৰ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

ৰঙিয়া তুলসীবাৰীত অঘটন। ৰোগাক্ৰান্ত মহিলাৰ শ্লীলতা হানিৰ অভিযোগ। লম্পট ফাৰ্মাচীষ্ট জনক আটক। উপযুক্ত শাস্তিৰ দাবীত আৰক্ষী থানাত উপস্থিত স্থানীয় ৰাইজ।

Image
    ৰঙিয়া তুলসীবাৰীত অঘটন। ৰোগাক্ৰান্ত মহিলাৰ শ্লীলতা হানিৰ অভিযোগ।  লম্পট ফাৰ্মাচীষ্ট জনক আটক। উপযুক্ত শাস্তিৰ দাবীত আৰক্ষী থানাত উপস্থিত স্থানীয় ৰাইজ।      মহিলা - যুৱতীক চিকিৎসা কৰাৰ নামত ৰঙিয়া তুলসীবাৰীৰ এজন লম্পট ফাৰ্মাচীষ্টে দীৰ্ঘদিনৰ পৰা সংঘটিত কৰি আহিছে অপকৰ্ম। এনে অপকৰ্ম চলাই থকাৰ পিছতো বিভিন্ন কৌশলেৰে খবিৰুদ্দিন আহমেদ নামৰ ফাৰ্মাচীষ্ট জন জালত পৰা নাছিল ।  কিন্তু সেই বেয়া দিনটো আজি আহিল খবিৰুদ্দিন নামৰ এই ধুৰন্ধৰ ফাৰ্মাচীষ্ট জনৰ ।  হঠাতে স্থানীয় এগৰাকী মহিলাৰ গা-বেয়া লগাৰ বাবে তুলসীবাৰীৰ "বিউটি মেডিকেল ষ্টৰ" নামৰ ফাৰ্মাচীখনৰ ফাৰ্মাচীষ্ট খবিৰুদ্দিন আহমেদক ঘৰলৈ মাতে । মহিলা গৰাকীক প্ৰথমে খবিৰুদ্দিনে প্ৰেছাৰ জোখে । প্ৰেছাৰ জোখাৰ পিছতে খবিৰুদ্দিনে মহিলা গৰাকীৰ দেহৰ গুপ্তাংগত হাত দিয়ে । মহিলা গৰাকীয়ে প্ৰতিবাদ কৰাৰ পিছতো বাৰে বাৰে এনে অপকৰ্ম কৰিবলৈ চেষ্টা কৰাত কোনোমতে নিজকে ৰক্ষা কৰি মহিলা গৰাকী ফাৰ্মাচীষ্ট জনৰ কৱলৰ পৰা নিজক বচাবলৈ চেষ্টা কৰি চিঞৰি দিয়াত স্থানীয় লোক দৌৰি আহে। লগে লগে বিষয়টোৰ সন্ধৰ্ভত মহিলাগৰাকীয়ে ঘৰৰ পৰিয়ালৰ লগতে ...

গো ছিণ্ডিকেটৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে অসমত আৰম্ভ হ'ল নেকি ছাগলী ছিণ্ডিকেট !

Image
গো ছিণ্ডিকেটৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে অসমত আৰম্ভ হ'ল নেকি ছাগলী ছিণ্ডিকেট ! বহিঃৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰিলে ছাগলী ভৰ্ত্তি ট্ৰাক। ৰঙিয়াত জব্দ দুখনকৈ ছাগলী ভৰ্ত্তি ট্ৰাক।* অসম চৰকাৰে গো সুৰক্ষা আইন প্ৰণয়ন কৰাৰ পিছতে গো ছিণ্ডিকেট চক্ৰটোৱেই আৰম্ভ কৰিছে নেকি ছাগলী ছিণ্ডিকেট !  বহিঃৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰা দুখনকৈ ছাগলী ভৰ্ত্তি ট্ৰাক বৃহস্পতিবাৰে ৰঙিয়াত জব্দ কৰিলে আৰক্ষীয়ে।  অসম চৰকাৰে আন্তঃজিলা যাতায়ত ব্যৱস্থা খুলি দিয়াৰ লগে লগে বৃহৎ চক্ৰ এটাই বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাইছে ছাগলী ভৰ্ত্তি চাৰিখনকৈ ট্ৰাক। চাৰিখন ট্ৰাক ৰঙিয়াত আহি উপস্থিত হোৱাৰ লগে লগে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বিষয়টো আৰক্ষীক অৱগত কৰে।     ইয়াৰে দুখন ট্ৰাক পলায়ন কৰে যদিও BR-01-GH-5676 আৰু AS- 01-MC-4543 নম্বৰৰ আন দুখন ছাগলী ভৰ্ত্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে।ট্ৰাক দুখনত কোনোধৰণৰ নথিপত্ৰ নথকাৰ উপৰিও মনা নাছিল পশুধন কঢ়িয়াই অনা কোনো নিয়ম।  আৰক্ষীয়ে ৰঙিয়া বালাগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হোৱা ট্ৰাক দুখনত ...

ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান ।

Image
ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান । কামৰূপ জিলা কংগ্ৰেছ দলৰ মুল দায়িত্ব এজন সাংগঠনিক ভাবে অপৰিপক্ক ব্যক্তিৰ হাতত অৰ্পণ কৰাৰ পিচৰে পৰা সমগ্ৰ জিলাখনতে সাংগঠনিক দিশটো সম্পুৰ্ণৰূপে ভাঙি চুৰ্ণবিচুৰ্ণ হৈ পৰিছে । যাৰ ফলত ধৰ্ম নিৰপক্ষ দল এটা বিচাৰি বিশেষকৈ সংখ্যা লঘু লোকসকলে হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে । উপায়ন্তৰ হৈ সংখ্যা লঘু লোকসকলে অসম গণ পৰিষদ দলটো তেওলোকৰ ৰক্ষা কৱচ হিচাপে ভাবি দলটোত যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।  বিশেষকৈ কামৰূপ জিলা কংগ্ৰেছ দলৰ সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ গৃহ সমষ্টি  ৰঙিয়াতে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটি থানবান হৈ পৰা দেখা গৈছে । যাৰ ফলত দলটোৰ একাংশ নিষ্ঠাবান কৰ্মী অসম গণ পৰিষদত যোগদান কৰিছে । এনে ধাৰাবাহিকতা ৰক্ষা কৰি ৰবিবাৰে ৰঙিয়া অগপৰ কাৰ্য্যালয়ত কংগ্ৰেছ দলৰ বহু তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে অগপত যোগদান কৰে অগপৰ ৰঙিয়া বিধানপৰিষদৰ সভাপতি লিলাধৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অগপৰ যোগদান কাৰ্য্যসূচীত প্ৰায় শতাধিক পুৰুষ মহিলাই যোগদান কৰে । অগপৰ কেন্দ্ৰীয় সমিতিৰ...

নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত প্ৰকাণ্ড গাঁত।

Image
নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত  প্ৰকাণ্ড গাঁত। এজাক বৰষুনতে একাঠু পৰ্য্যন্তু পানী বিধায়ক জিতু গোস্বামীক প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।উল্লেখ্য যে ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ  বামুনীলৈ যোৱা পথটোৰ কঠীয়াতলী মাজমজিয়াত থকা এটা প্ৰকাণ্ড গাতে ৰাইজে জ্বলা কলা খুৱাইছে ৰাইজক।বঢ়মপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত জিতু গোস্বামীয়ে পথটোৰ বিধস্ত ঠাই সমূহ মেৰামতিৰ আশ্বাস দিছিল যদিও মেৰামতি নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বাবে সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদ।

Image
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ  বাবে সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদ। ৰাজ্য জুৰি অব্যাহত  আছে কৰ'ণাৰ  ঢৌৰ জুৰুলাময় পৰিবেশ। এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাবে ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত মৰিগাঁও জিলাত এক মানৱ শৃংখল প্ৰতিবাদ সাব্যস্ত কৰে।

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল .......

Image
অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল .......

মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ।

Image
মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ। মুখ্যমন্ত্ৰী ড° হিমন্তু বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই ।উল্লেখ্য যে ড° ক্ষিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে এশ দিন পূৰ্ণ কৰাৰ উপলক্ষে ৰাজ্যবাসীলৈ কেতবোৰ উপহাৰৰ কথা ঘোষনা কৰিছিল।ইয়াৰ ভিতৰত কভিড সৃষ্ট পৰিবেশত জুৰুলা হোৱা ড্ৰাইভাৰ হেণ্ডিমেন সকলৰ বাবে দহ হাজাৰ কৈ সাহায্য আগবঢ়োৱা ঘোষনাক আদৰনি জনাই পৰিবহন শ্ৰমিক সন্থাই।সন্থাৰ সভাপতি ছাইদূৰ ৰহমানে কয় যে মুখ্যমন্ত্ৰীৰ এই সাহায্য যাতে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে তাৰ প্ৰতি দৃষ্টি দিবৰ বাবে আহ্বান কৰে।উল্লেখ্য যে কভিড সৃষ্ট পৰিবেশত কৰ্মহীন হৈ জুৰুল হোৱা ড্ৰাইভাৰ হেণ্ডিমেন সকলক চৰকাৰী সহায় কৰিবৰ বাবে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই বিভিন্ন"সময়ত দাবী জনাই আহিছিল।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এজন ছাত্ৰৰ নাম

Image
 ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এজন ছাত্ৰৰ নাম  ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম৷ ছাত্ৰগৰাকীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি অভিলেখ গঢ়িছে৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট হোৱা ছাত্ৰগৰাকী ৰঙিয়াৰ ধনজিৎ মল্ল বৰুৱা৷ উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ধনজিৎ মল্ল বৰুৱাই লক ডাউনৰ সময়ত সময়ৰ সদব্যৱহাৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰথমে বিফল হৈছিল যদিও মনোবল নেহেৰুৱাই চেষ্টা অব্যাহত ৰাখিছিল ধনজিতে। অৱশেষত চাৰিবাৰৰ অন্তত এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি উলিওৱা বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে ধনজিৎ মল্ল বৰুৱা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চেন্নাইৰ এগৰাকী যুৱতীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ৬৯ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছিল। কিন্তু সেই যুৱতীগৰাকীক পিছ পেলাই ধনজিতে এক মিনিটত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই মানপত্ৰ, মে...

ৰঙিয়া খন্দিকৰত বৃহৎ পৰিমানৰ ড্ৰাক্স উদ্ধাৰ । মুল ব্যৱসায়ি কানিয়া আৰক্ষীৰ বেহুফালি পলায়ন।

Image
ৰঙিয়া খন্দিকৰত বৃহৎ পৰিমানৰ ড্ৰাক্স উদ্ধাৰ । মুল ব্যৱসায়ি কানিয়া আৰক্ষীৰ বেহুফালি পলায়ন । তিনিজন আটক :  ৰঙিয়া খন্দিকৰত তামুলপুৰ মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত বৃহৎ পৰিমানৰ  ড্ৰাক্স সহ নগদ ধনৰ লগতে মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাক্স ব্যৱসায়ি ইদ্ৰীছ আলী ওৰফে *কাইনা* আৰক্ষীৰ বেহুফালি পলায়ন কৰে যদিও তিনিজনকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া *ৰূপজ্যোতি কলিতাৰ* নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে কাইনাৰ গৃহত তালাচী চলাই বৃহৎ পৰিমানৰ ড্ৰাক্সৰ লগত নগদ এক লাখ ৬৮ হেজাৰ আঠ'শ টকা জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও আৰক্ষীয়ে ড্ৰাক্স ব্যৱসায়ি জনৰ ঘৰৰ পৰা এখন টাটা টিয়াগো, এখন মটৰ চাইকেল কেইবাটাও মোবাইল ফোন, কেইবাখনো এ টি এম কাৰ্ড, কেইবাটাও খালি মানিবেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDPO Tamolpur. ৰঙিয়াৰ পৰা ইনতাজ আলী

ৰঙিয়াৰ বালিসত্ৰত আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। ক'ভিড ভেকচিন ভেজালকলৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ।

Image
ৰঙিয়াৰ বালিসত্ৰত আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। ক'ভিড ভেকচিন ভেজালকলৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ।  :- ছাত্র-ছাত্ৰী সকলে পাঠদানৰ আগতে ক'ভিডৰ ভেকচিন লোৱাতো প্ৰয়োজন। বিশেষকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত যি ভেকচিন লোৱা নিৰ্দেশ দিছে সেই নিৰ্দেশনা নিশ্চিত ভাবে প্ৰসংশনীয়। ৰঙিয়াৰ বালিসত্ৰত অসম আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ  শিবিৰ উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথে এনেদৰে কয়। সভাপতি গৰাকীয়ে  ক'ভিড ভেকচিন ভেজাল কৰণৰ ক্ষেত্ৰত উঠা এক অভিযোগ সন্ধৰ্ভত কয় যে এই ক্ষেত্ৰত আই চি এম আৰক কঠোৰ সিদ্ধান্ত ল'বলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও ভেকচিন ভেজাল কৰণ বিষয়টো কেন্দ্ৰীয় চৰকাৰক গুৰুত্ব সহকাৰে ল'বলৈ ছাত্ৰ নেতাজনে আহ্বান জনায়। ইফালে ৰাজ্য চৰকাৰৰ কিছু গা এৰা দিয়া মনোভাৱৰ বাবে বৰ্তমান সময়ত অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ লগত সীমা সমস্যাটোৰ স্থায়ী সমধান হোৱা নাই। যদি চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয় তেতিয়া হ'লে উত্তৰ পূৱৰ সকলো কেইখন ৰাজ্যৰ লগত অসমৰ যি সীমা সমস্যা,, সেই সমস্যা অতি সোনকালে সমাধা হ'ব বুলি নাথে সংবাদ মাধ...