Posts

Showing posts from August, 2021

ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালন ।

Image
 ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ সোমবাৰে সমগ্র দেশৰ লগতে ৰঙিয়াটো পালন কৰা হয় । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত এই উপলক্ষে এখন সভা অনুষ্ঠিত হয় । বিশ্ব হিন্দু পৰিষদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ উক্ত আলোচনা চক্ৰত বিশ্ব হিন্দু পৰিষদৰ কেইবাগৰাকী নেতাৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে । উপস্থিত থকা ব্যক্তি সকলে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত বক্তব্য ৰাখে  লগতে আজি ইয়াতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ আৰু মন্ত্ৰী পিয়ুশ হাজৰিকাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।তেওঁ কয় যে দিল্লীৰ অসম ভৱনত দুয়ো জন গৈছে চাহ পানী খাইছে কিন্তু ৰাজনৈতিক কথা আলোচনা হোৱা নাই,বিজেপিৰ লগত কোনো ধৰণৰ কথা বতৰা চলা নাই তেনেকুৱা একো ।আনহাতে আজি এআইডিউএফ  দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে মন্তব্য কৰিছিল যে ফণী তালুকদাৰক বিজেপিয়ে জেলৰ ভয় দেখুৱাই নিছে,সেই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে বিজেপি দলে তেনেকুৱা কাম কেতিয়াও নকৰে,সেইবিলাক কাম তেওঁলোকে কয় ,ভাৰতীয় জনতা পাৰ্টি আজি ইমান ডাঙৰ দল ইম...

ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান ।

Image
ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান । কামৰূপ জিলা কংগ্ৰেছ দলৰ মুল দায়িত্ব এজন সাংগঠনিক ভাবে অপৰিপক্ক ব্যক্তিৰ হাতত অৰ্পণ কৰাৰ পিচৰে পৰা সমগ্ৰ জিলাখনতে সাংগঠনিক দিশটো সম্পুৰ্ণৰূপে ভাঙি চুৰ্ণবিচুৰ্ণ হৈ পৰিছে । যাৰ ফলত ধৰ্ম নিৰপক্ষ দল এটা বিচাৰি বিশেষকৈ সংখ্যা লঘু লোকসকলে হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে । উপায়ন্তৰ হৈ সংখ্যা লঘু লোকসকলে অসম গণ পৰিষদ দলটো তেওলোকৰ ৰক্ষা কৱচ হিচাপে ভাবি দলটোত যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।  বিশেষকৈ কামৰূপ জিলা কংগ্ৰেছ দলৰ সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ গৃহ সমষ্টি  ৰঙিয়াতে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটি থানবান হৈ পৰা দেখা গৈছে । যাৰ ফলত দলটোৰ একাংশ নিষ্ঠাবান কৰ্মী অসম গণ পৰিষদত যোগদান কৰিছে । এনে ধাৰাবাহিকতা ৰক্ষা কৰি ৰবিবাৰে ৰঙিয়া অগপৰ কাৰ্য্যালয়ত কংগ্ৰেছ দলৰ বহু তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে অগপত যোগদান কৰে অগপৰ ৰঙিয়া বিধানপৰিষদৰ সভাপতি লিলাধৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অগপৰ যোগদান কাৰ্য্যসূচীত প্ৰায় শতাধিক পুৰুষ মহিলাই যোগদান কৰে । অগপৰ কেন্দ্ৰীয় সমিতিৰ...

বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল ।

Image
বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল । নগাঁও জিলাৰ বটদ্ৰৱাত চোৰাং চাউল জব্দ। ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশাৰ ভাগত বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে AS 02 CC 6890 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক । লগতে আটক কৰে মকবুল ইছলাম আৰু হেকমত আলী নামৰ দুজন চোৰাং চাউল সৰবৰাহকাৰীক । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা চলাই আহিছিল । ৰহস্যজনক ভাবে আৰক্ষীৰ চকুত ধূলি দিবলৈ ১৬০ বস্তা ধানৰ মাজত কৌশলেৰে ৪০ বেগ সমবায়ৰ সমিতিৰ (FCI )ৰ চাউল সৰবৰাহৰ চেষ্টা চলাইছিল যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা চাউল ভৰ্তি ট্ৰাক সহ দুজনক   আটক কৰিবলৈ সক্ষম হয়।

news

Image
শুদ্ধ,সত্য আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে আজি News অসম নামৰ পৰ্টেলৰ শুভ উম্নোচন কৰা হয় নগাওঁ জিলাৰ কটহগুৰিৰ মুখ্য কাৰ্যালয়ত|  আমি লৈ আহিম গাৱে-ভূৱে,নগৰে চহৰে, অলিয়ে-গলিয়ে,চুকে-কুণে, লুকাই থকা আৰৰ বাতৰি| উম্নোচনত উপস্থিত থাকে মুখ্য অথিতি ড:খাইৰুল ইছলাম  অধ্যক্ষ কটহগুৰি মহাবিদ্যালয়। আমন্ত্ৰিত অথিতি হিচাপে লগত থাকে কটহগুৰি নিউ PHC ভাৰপ্ৰাপ্ত ডাঃ মতিবুৰ ৰহমান । (কাৰ্য্যলয় শুভ উদ্ধোধন কৰে ড.খাইৰুল ইছলাম চাহাবে আৰু চেনেল উম্নোচন কৰে ড: খাইৰুল ইছলাম ,ডাঃ মতিবুৰ ৰহমান ,প্ৰাক্তন জিলা পৰিশদৰ সদস্যা, আনোৱাৰা চুলতানা বেগম নিউজ অসমৰ সভাপতি ছিৰাজ উদ্দিন , নিউজ চেনেলৰ প্ৰতিষ্টাপক ৰিবুল হক আৰু সমাজৰ বিশিষ্ট  গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

বঢ়মপুৰ সমষ্টিৰ কামপুৰত সচেতন মহিলাৰ প্রতিবাদ

Image
বঢ়মপুৰ সমষ্টিৰ কামপুৰত  সচেতন মহিলাৰ প্রতিবাদ বঢ়মপুৰ সমষ্টিৰ BJP বিধায়ক জিতু গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাক কেন্দ্ৰ কৰি আজি কামপুৰত  প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰৰ সচেতন মহিলাই  কেইদিনমান আগত  বিধায়ক গোস্বামীৰ ঘৰ ঘেৰাও কৰে জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ; কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠনে।   ইয়াৰ প্রত্যোত্তৰত আজি কামপুৰত কামপুৰৰ সচেতন মহিলা সকলে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।প্ৰতিবাদী মহিলা সকলে BJP নেতা "জিতু গোস্বামী জিন্দাবাদ" আৰু " BJP জিন্দাবাদ" ধ্বনি দি কামপুৰৰ পৰিবেশ উত্তাল কৰি তোলে।

বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিত BJP কৰ্মীৰ প্রতিবাদ।

Image
বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিত BJP কৰ্মীৰ প্রতিবাদ BJP বিধায়ক জিতু গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাক কেন্দ্ৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।   আজি দিনৰ ভাগত বিধায়ক গোস্বামীৰ ঘৰ ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠনে।   ইয়াৰ প্রত্যোত্তৰত কেইবাজনো BJP নেতা "জিতু গোস্বামী জিন্দাবাদ" আৰু " BJP জিন্দাবাদ" ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।

আজি শিলচৰ কাটিগড়া সমষ্টিৰ বহুতো ঠাইত আধাৰশিলা স্থাপন,বিজেপিৰ সাংসদ মাননীয় ৰাজদীপ ৰাই ডাঙৰীয়া।

Image
:আজি শিলচৰ কাটিগড়া সমষ্টিৰ বহুতো ঠাইত  আধাৰশিলা স্থাপন,বিজেপিৰ সাংসদ মাননীয় ৰাজদীপ ৰাই ডাঙৰীয়া।  প্ৰধানমন্ত্ৰী গ্ৰাম সৰক যোযনাৰ অধীনত কাটিগড়া সমষ্টিত আধাৰশিলা স্থাপন কৰে বিজেপিৰ সাংসদ শ্ৰী ৰাজদীপ ৰাই ডাঙৰীয়াই আৰু  উপস্থিত থাকে কাটিগড়াৰ বিধায়ক মাননীয় খলিল উদ্দীন মজুমদাৰ ডাঙৰীয়া,কাছাৰ জিলাৰ বিজেপি সভাপতি বিমালেনডু ডাঙৰীয়া,সাংসদ প্ৰতিনিধি পুলাক দাচ ,SC মৰ্চাৰ ৰাজ্যৰ সহ সভাপতি নিবাচ দাচ ,মণ্ডলৰ সহ সভাপতি ছোবৰাতা চক্ৰৱৰ্তী, ৰাজ্য পৰিষদৰ সদস্য ভুপেন্দ বৈষ্ণৱ। 

নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত প্ৰকাণ্ড গাঁত।

Image
নগাঁও জিলাৰ কঠিয়াতলীৰ মাজমজিয়াত  প্ৰকাণ্ড গাঁত। এজাক বৰষুনতে একাঠু পৰ্য্যন্তু পানী বিধায়ক জিতু গোস্বামীক প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।উল্লেখ্য যে ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ  বামুনীলৈ যোৱা পথটোৰ কঠীয়াতলী মাজমজিয়াত থকা এটা প্ৰকাণ্ড গাতে ৰাইজে জ্বলা কলা খুৱাইছে ৰাইজক।বঢ়মপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত জিতু গোস্বামীয়ে পথটোৰ বিধস্ত ঠাই সমূহ মেৰামতিৰ আশ্বাস দিছিল যদিও মেৰামতি নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

প্ৰকৃতি সেউজীয়া কৰাৰ বাবে নুমলিগড় তেল শোধনাগাৰ বিশেষ পদক্ষেপ।

Image
প্ৰকৃতি সেউজীয়া কৰাৰ বাবে নুমলিগড় তেল শোধনাগাৰ বিশেষ পদক্ষেপ। প্ৰকৃতি সেউজীয়া কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে নুমলিগড় শোধনাগাৰে।উল্লেখ্য যে নগাৱৰ  কঠিয়াতলী বন আঞ্চলিক কাৰ্যলয়ৰ অধিনত কন্দলী বিট অফিচৰ অন্তুৰ্গত ৩৫ হেক্টৰ মাটিত গছপুলি ৰোপনৰ কাম হাতত লৈছে নুমলিগড় শোধনাগাৰে।আজি এই সম্পৰ্কত অসম চৰকাৰৰ বন বিভাগ আৰু আৰু নুমলিগড় শোধনাগাৰ কতৃপক্ষৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।এই সম্পকত আনুস্থিত অনুস্থানত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী;NRL কতৃপক্ষৰ জেনেৰেল মেনেজাৰ ধীৰেন সন্দিকৈ;বিমলেশ গুপ্তা; দিলোৱাৰ  হুছেইন ;নগাঁও জিলাৰ বনবিষয়া ভাস্কৰ ডেকা;w w Fৰ প্ৰনব বৰা;L B C S কুলেন ডেকা; তিৱা স্মায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ ;ৰাজ্যিক বি জি পিৰ সদস্য বাবুল বৰা কঠিয়াতলী মণ্ডল বি জে পিৰ সভাপতি চন্দন বৰা ;বি জে পি নেতা  বিজু ৰাউতিয়া ;ৰাতুল শইকীয়া আদি উপস্থিত থাকে।

মৰিগাঁৱৰ জাগীৰোডত অসমৰ প্ৰাক্তন মূখ্য মন্ত্রী তথা বৰ্তমানৰ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ জন আশীর্বাদ যাত্রা

Image
মৰিগাঁৱৰ জাগীৰোডত অসমৰ প্ৰাক্তন মূখ্য মন্ত্রী তথা বৰ্তমানৰ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু  সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ জন আশীর্বাদ যাত্রা  অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোনোৱালৰ লগতে সাংসদ তথা কেন্দ্রীয় মন্ত্রী  ৰামেশ্বৰ তেলীয়ে আজি  জাগীৰোডত উপস্থিত হয়। আৰু তাৰ পৰাই একাদিক্ৰমে মৰিগাঁও জিলাৰ জাগীৰোড, সীতা জখলা, পলাশগুৰি, ধৰমতুল, জোঙাল  আদি ঠাইত জন আশীর্বাদ যাত্রাত যোগদান  কৰে।  আমি তাৰেই কিছু মৰিগাঁও জিলাৰ জাগীৰোডৰ কিছু দৃশ্য দেখুৱাইছো। 

ৰঙিয়া ৰেলৱে কৰ্তৃপক্ষৰ ভুলৰ বাবে নলাত পৰি এজন ব্যক্তিৰ মৃত্যু।

Image
ৰঙিয়া ৰেলৱে কৰ্তৃপক্ষৰ ভুলৰ বাবে নলাত পৰি এজন ব্যক্তিৰ মৃত্যু।* V/O:- ৰঙিয়া ৰেলৱে ষ্টেচনত নলাত পৰি এজন স্থানীয় ব্যক্তিয়ে মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত ব্যক্তিজন ষ্টেচনৰ সমীপৰ অনুকুল দাস বুলি জানিব পৰা গৈছে। অনুকুল দাস নামৰ ব্যক্তি জনে পুৱা প্ৰায় ৭.৩০ বজাত ৰেলৱে ষ্টেচনৰ চৌহদৰ এটা পথেৰে গৈ আছিল । হঠাৎ ব্যক্তিজনে পথৰ কাষতে থকা এটা গভীৰ নলাত পিচল খাই পৰি যায় । বহু সময় ধৰি পানী ভৰ্তি নলাটোৰ পৰা উঠিবলৈ চেষ্টা কৰিও বিফল হৈ ব্যক্তিগৰাকীয়ে মৃত্যুক সাৱটি লয় । ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰামতে নলাটোত পৰাৰ কিছু মুহূৰ্তৰ পিছতে তেওঁলোক আহি উপস্থিত হৈছিল যদিও ৰেলৱে বিভাগত কৰ্মৰত একাংশ ব্যক্তিক তেওঁক  উঠাবলৈ কাতৰ অনুৰোধ কৰাৰ পিছতো কোনো আগবাঢ়ি নাহিল । পিছত পৰিয়ালৰ এগৰাকী মহিলাই ব্যক্তিজনক নলাৰ পৰা উঠাই ৰেলৱে  হাস্পতালত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰঙিয়া ৰেলৱে মাণ্ডলিক কাৰ্য্যালয়ৰ অধীনত পানী নিষ্কাষণৰ বাবে নিৰ্মাণ কৰা হৈছে বহুকেইটা নলা । এনেদৰে নিৰ্মাণ কৰা নলাৰ ওপৰৰ ঢাকনি নিদি মাহ মাহ ধৰি মুক্ত ভাবে ৰ...

বহি:ৰাজ্যৰ অচিনাকি মহিলা এগৰাকী শিলচৰ জিলা উপযুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উদ্ধাৰ।।

Image
 বহি:ৰাজ্যৰ অচিনাকি মহিলা এগৰাকী শিলচৰ জিলা উপযুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উদ্ধাৰ।।  বহি:ৰাজ্যৰ অচিনাকি মহিলা এগৰাকী শিলচৰ জিলা উপযুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উদ্ধাৰ। জানিব পৰা মতে বহি:ৰাজ্যৰ অচিনাকী মহিলা গৰাকী শিলচৰ জিলা উপযুক্ত কাৰ্য্যলয়ৰ সন্মুখত শুই থকা দেখা পাই স্থানীয় লোকে।স্থানীয় লোকে শুধ পুচ কৰাত মহিলা গৰাকীৰ নাম অনামিকা বৰমন আৰু তেওঁ বহি:ৰাজ্যৰ ৰাজস্থানত ঘৰ,মহিলা গৰাকী দুই তিন দিন ধৰি নোখোৱা অৱস্থাত দেখা পাই স্থানীয় ৰাইজে। মহিলা গৰাকী কিছু অজ্ঞান হৈ পৰাত  লগে লগে  সমাজ সেৱক ছুবিৰ ধৰ, সুৰজ,মিণা্ংকু,অৰ্জন, পাপ্পু,আৰু অনুপম নামৰ লোক কেইজনে শিলচৰ সদৰ থানাৰ আৰক্ষীক অৱগত কৰে।লগে লগে আৰক্ষিয়ে S M dev  civil hospital অত চিকিৎসা ও কভিড পৰিক্ষা কৰি স্বাধৰ গূহত চমজাই দিয়ে। আৰু কনোবাই যদি মহিলা গৰাকীৰ চিনাক্তকৰন হয় তেন্তে মহিলা গৰাকীৰ পৰিয়ালবৰ্গক অবগত কৰাবলৈ অনৰুধ জনাই আৰু পৰিয়ালবৰ্গই শিলচৰ স্বাধৰ গূহৰ কূতপক্ষৰ লগত যোগাযোগ কৰিবলৈও অনুৰোধ জনাই । শিলচৰৰ পৰা সোৰজিৎ চক্ৰৱৰ্তী ৰ ৰিপৰ্ট নিউজ অসম ।।।।

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বাবে সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদ।

Image
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ  বাবে সদৰ ছাত্র সন্থাই মৰিগাঁৱৰ মাজমজিয়াত বিক্ষোভ প্ৰতিবাদ। ৰাজ্য জুৰি অব্যাহত  আছে কৰ'ণাৰ  ঢৌৰ জুৰুলাময় পৰিবেশ। এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাবে ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত মৰিগাঁও জিলাত এক মানৱ শৃংখল প্ৰতিবাদ সাব্যস্ত কৰে।

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল .......

Image
অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল .......

মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ।

Image
মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ। মুখ্যমন্ত্ৰী ড° হিমন্তু বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই ।উল্লেখ্য যে ড° ক্ষিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে এশ দিন পূৰ্ণ কৰাৰ উপলক্ষে ৰাজ্যবাসীলৈ কেতবোৰ উপহাৰৰ কথা ঘোষনা কৰিছিল।ইয়াৰ ভিতৰত কভিড সৃষ্ট পৰিবেশত জুৰুলা হোৱা ড্ৰাইভাৰ হেণ্ডিমেন সকলৰ বাবে দহ হাজাৰ কৈ সাহায্য আগবঢ়োৱা ঘোষনাক আদৰনি জনাই পৰিবহন শ্ৰমিক সন্থাই।সন্থাৰ সভাপতি ছাইদূৰ ৰহমানে কয় যে মুখ্যমন্ত্ৰীৰ এই সাহায্য যাতে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে তাৰ প্ৰতি দৃষ্টি দিবৰ বাবে আহ্বান কৰে।উল্লেখ্য যে কভিড সৃষ্ট পৰিবেশত কৰ্মহীন হৈ জুৰুল হোৱা ড্ৰাইভাৰ হেণ্ডিমেন সকলক চৰকাৰী সহায় কৰিবৰ বাবে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই বিভিন্ন"সময়ত দাবী জনাই আহিছিল।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এজন ছাত্ৰৰ নাম

Image
 ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এজন ছাত্ৰৰ নাম  ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম৷ ছাত্ৰগৰাকীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি অভিলেখ গঢ়িছে৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট হোৱা ছাত্ৰগৰাকী ৰঙিয়াৰ ধনজিৎ মল্ল বৰুৱা৷ উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ধনজিৎ মল্ল বৰুৱাই লক ডাউনৰ সময়ত সময়ৰ সদব্যৱহাৰ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰথমে বিফল হৈছিল যদিও মনোবল নেহেৰুৱাই চেষ্টা অব্যাহত ৰাখিছিল ধনজিতে। অৱশেষত চাৰিবাৰৰ অন্তত এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি উলিওৱা বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে ধনজিৎ মল্ল বৰুৱা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চেন্নাইৰ এগৰাকী যুৱতীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ৬৯ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছিল। কিন্তু সেই যুৱতীগৰাকীক পিছ পেলাই ধনজিতে এক মিনিটত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই মানপত্ৰ, মে...

ৰঙিয়া খন্দিকৰত বৃহৎ পৰিমানৰ ড্ৰাক্স উদ্ধাৰ । মুল ব্যৱসায়ি কানিয়া আৰক্ষীৰ বেহুফালি পলায়ন।

Image
ৰঙিয়া খন্দিকৰত বৃহৎ পৰিমানৰ ড্ৰাক্স উদ্ধাৰ । মুল ব্যৱসায়ি কানিয়া আৰক্ষীৰ বেহুফালি পলায়ন । তিনিজন আটক :  ৰঙিয়া খন্দিকৰত তামুলপুৰ মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত বৃহৎ পৰিমানৰ  ড্ৰাক্স সহ নগদ ধনৰ লগতে মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাক্স ব্যৱসায়ি ইদ্ৰীছ আলী ওৰফে *কাইনা* আৰক্ষীৰ বেহুফালি পলায়ন কৰে যদিও তিনিজনকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া *ৰূপজ্যোতি কলিতাৰ* নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে কাইনাৰ গৃহত তালাচী চলাই বৃহৎ পৰিমানৰ ড্ৰাক্সৰ লগত নগদ এক লাখ ৬৮ হেজাৰ আঠ'শ টকা জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও আৰক্ষীয়ে ড্ৰাক্স ব্যৱসায়ি জনৰ ঘৰৰ পৰা এখন টাটা টিয়াগো, এখন মটৰ চাইকেল কেইবাটাও মোবাইল ফোন, কেইবাখনো এ টি এম কাৰ্ড, কেইবাটাও খালি মানিবেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDPO Tamolpur. ৰঙিয়াৰ পৰা ইনতাজ আলী

ৰঙিয়াৰ বালিসত্ৰত আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। ক'ভিড ভেকচিন ভেজালকলৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ।

Image
ৰঙিয়াৰ বালিসত্ৰত আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। ক'ভিড ভেকচিন ভেজালকলৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ।  :- ছাত্র-ছাত্ৰী সকলে পাঠদানৰ আগতে ক'ভিডৰ ভেকচিন লোৱাতো প্ৰয়োজন। বিশেষকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত যি ভেকচিন লোৱা নিৰ্দেশ দিছে সেই নিৰ্দেশনা নিশ্চিত ভাবে প্ৰসংশনীয়। ৰঙিয়াৰ বালিসত্ৰত অসম আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ  শিবিৰ উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথে এনেদৰে কয়। সভাপতি গৰাকীয়ে  ক'ভিড ভেকচিন ভেজাল কৰণৰ ক্ষেত্ৰত উঠা এক অভিযোগ সন্ধৰ্ভত কয় যে এই ক্ষেত্ৰত আই চি এম আৰক কঠোৰ সিদ্ধান্ত ল'বলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও ভেকচিন ভেজাল কৰণ বিষয়টো কেন্দ্ৰীয় চৰকাৰক গুৰুত্ব সহকাৰে ল'বলৈ ছাত্ৰ নেতাজনে আহ্বান জনায়। ইফালে ৰাজ্য চৰকাৰৰ কিছু গা এৰা দিয়া মনোভাৱৰ বাবে বৰ্তমান সময়ত অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ লগত সীমা সমস্যাটোৰ স্থায়ী সমধান হোৱা নাই। যদি চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয় তেতিয়া হ'লে উত্তৰ পূৱৰ সকলো কেইখন ৰাজ্যৰ লগত অসমৰ যি সীমা সমস্যা,, সেই সমস্যা অতি সোনকালে সমাধা হ'ব বুলি নাথে সংবাদ মাধ...

ফুলনিত চোৰৰ চাফাই অভিযান।ঘৰৰ বেৰ তথা ফেনচিং ভাঙি চোৰৰ প্ৰৱেশ

Image
 GFX:- *ফুলনিত চোৰৰ চাফাই অভিযান* GFX:- *মাজ নিশা ফুলনিত চোৰৰ তাণ্ডৱ* GFX:- *ঘৰৰ বেৰ তথা ফেনচিং ভাঙি চোৰৰ প্ৰৱেশ* ANCHOR:- কাৰ্বি আংলং জিলাৰ ফুলনিত মাজ নিশা  সংঘটিত হৈছে এক চোৰৰ চুৰি কাৰ্য । https://www.facebook.com/newsassam.official/   ফুলনিৰ পুনম গুপ্তাৰ ঘৰত চোৰে ঘৰৰ বেৰ তথা ফেনচিং ভাঙি প্ৰৱেশ কৰে । ঘৰত মানু্হ নথকাৰ সুযোগ লৈ চুৰে চলাই চাফাই অভিযান । গৃহস্থৰ ভাষ্য অনুসৰি যোৱা দুদিন মান ধৰি ঘৰ খনত কোনো মানু্হ নাছিল । গৃহস্থ গৈছিল পৰিয়ালবৰ্গৰ ঘৰলে । তাৰেই এক সুবিধা লৈ মাজ নিশা পুনম গুপ্তাৰ ঘৰত চুৰে চুৰি কাণ্ড সংঘটিত কৰে । ঘৰৰ কিছু কাপোৰ-কানিকে ধৰি টকা-পইচা সহ বহুতো মূল্যৱান সা-সামগ্ৰী চুৰে লুটি লৈ যায় । লগতে চুৰে ঘৰৰ সকলো বস্তু লণ্ড-ভণ্ড কৰি থৈ যায় । জানিব পৰা মতে এইবাৰেই প্ৰথম ঘটনা নহয় এইবাৰকে ধৰি দুই-তিনিবাৰ চুৰি ঘটনা সংঘটিত হৈছে পুনম গুপ্তাৰ ঘৰত ।   চুৰ যদিও স্থানীয় তথাপিও এতিয়ালৈকে চুৰক চিনিব পৰা হোৱা নাই । বাইট:- আত্মীয় । *কাৰ্বি আংলং ফুলনিৰ পৰা নেত্ৰ কমল শৰ্মাৰ ৰিপোৰ্ট নিউজ অসম

নগাঁও কচুৱা আৰক্ষীৰ অভিযান।কচুৱা গেৰজাইপামৰ পৰা বহু পৰিমানৰ অবৈধ সুৰা জব্দ।কচুৱাৰ আজিত বৰ্মন নামৰ যুৱক জনে দীৰ্ঘ দিন ধৰি চলাই আহিছিল সুৰাৰ ৰমৰমীয়া ব্যৱসায়। কচুৱা আৰক্ষীয়ে সুৰাসহ আটক কৰিছে অজিত বৰ্মণক।

Image
  নিশা কচুৱা আৰক্ষীৰ এক অভিযান। অভিযানত কচুৱা গেৰজাইপামৰ পৰা বহু পৰিমানৰ IMFL ৰ সুৰা উদ্ধাৰ কৰে। কচুৱা ৰ আজিত বৰ্মন নামৰ যুৱক জনে বহু দিনৰ পৰাই চলাই আহিছিল সুৰাৰ ৰমৰমীয়া ব্যৱসায়।  ইয়াৰ আগতেও বহুবাৰ আৰক্ষীয়ে অভিযুক্ত অজিত বৰ্মনৰ পৰা সুৰাৰ লগতে নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰিছিল। বৰ্তমান কচুৱা আৰক্ষীয়ে সুৰাসহ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পাহাৰ সদৃশ জংঘল। বহু পথচাৰীৰ লগতে মৃত্যু হৈছে পশুধনৰ। জংঘলৰ সুযোগ লৈ নিশাৰ ভাগত সংঘটিত হয় বহু অসামাজিক কামৰ।*

 *৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পাহাৰ সদৃশ জংঘল। বহু পথচাৰীৰ লগতে মৃত্যু হৈছে পশুধনৰ। জংঘলৰ সুযোগ লৈ নিশাৰ ভাগত সংঘটিত হয় বহু অসামাজিক কামৰ।*   ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ চূড়ান্ত অৱহেলাৰ বাবে বিপদজনক হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে তথা সোঁমাজত পাহাৰ সদৃশ গঢ়ি উঠিছে জংঘল। এনে বিশাল জংঘলৰ বাবে দৈনিক সংঘটিত হৈ আহিছে দুৰ্ঘটনা। বিগত সময়ত পথযাত্ৰীৰ লগতে বহু পশুধনৰ মৃত্যু হৈছে এনে জংঘলৰ বাবে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ দায়িত্বত থকা ঘাইপথ নিৰ্মাণ সংস্থাই পথৰ দাঁতিত এনেদৰে গজি উঠা জংঘলবোৰ সময় মতে কাটিব লাগে যদিও জংঘলবোৰ নকটাৰ ফলত এনেদৰে বিপদজনক হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে জংঘলবোৰ এনেদৰে অভয়াৰণ্যৰ দৰে হৈ থকাৰ বাবে নিশাৰ ভাগত একাংশ ব্যক্তিয়ে চলাই আহিছে বহু অসামাজিক কামৰ লগতে ডকাইটি। আনকি চাৰিচকীয়া আৰু দুচকীয়া বাহনত নলবাৰী আৰু গুৱাহাটী অভিমুখী যাত্ৰী সকলে এনে জংঘলৰ বাবে যাত্ৰাৰ সময়ত ভয়ত কম্পমান হ'ব লগাত পৰে। এই ক্ষেত্ৰত সচেতন ৰাইজে কামৰূপ উপায়ুক্তক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে  ৰঙিয়া...