ৰঙিয়া ৰেলৱে কৰ্তৃপক্ষৰ ভুলৰ বাবে নলাত পৰি এজন ব্যক্তিৰ মৃত্যু।
ৰঙিয়া ৰেলৱে কৰ্তৃপক্ষৰ ভুলৰ বাবে নলাত পৰি এজন ব্যক্তিৰ মৃত্যু।*
V/O:- ৰঙিয়া ৰেলৱে ষ্টেচনত নলাত পৰি এজন স্থানীয় ব্যক্তিয়ে মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত ব্যক্তিজন ষ্টেচনৰ সমীপৰ অনুকুল দাস বুলি জানিব পৰা গৈছে। অনুকুল দাস নামৰ ব্যক্তি জনে পুৱা প্ৰায় ৭.৩০ বজাত ৰেলৱে ষ্টেচনৰ চৌহদৰ এটা পথেৰে গৈ আছিল । হঠাৎ ব্যক্তিজনে পথৰ কাষতে থকা এটা গভীৰ নলাত পিচল খাই পৰি যায় । বহু সময় ধৰি পানী ভৰ্তি নলাটোৰ পৰা উঠিবলৈ চেষ্টা কৰিও বিফল হৈ ব্যক্তিগৰাকীয়ে মৃত্যুক সাৱটি লয় । ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰামতে নলাটোত পৰাৰ কিছু মুহূৰ্তৰ পিছতে তেওঁলোক আহি উপস্থিত হৈছিল যদিও ৰেলৱে বিভাগত কৰ্মৰত একাংশ ব্যক্তিক তেওঁক উঠাবলৈ কাতৰ অনুৰোধ কৰাৰ পিছতো কোনো আগবাঢ়ি নাহিল । পিছত পৰিয়ালৰ এগৰাকী মহিলাই ব্যক্তিজনক নলাৰ পৰা উঠাই ৰেলৱে হাস্পতালত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰঙিয়া ৰেলৱে মাণ্ডলিক কাৰ্য্যালয়ৰ অধীনত পানী নিষ্কাষণৰ বাবে নিৰ্মাণ কৰা হৈছে বহুকেইটা নলা । এনেদৰে নিৰ্মাণ কৰা নলাৰ ওপৰৰ ঢাকনি নিদি মাহ মাহ ধৰি মুক্ত ভাবে ৰখাৰ বাবে সাংঘাটিক ধৰণে বিপদজনক হৈ পৰিছে । যাৰ ফলত পূৰ্বতেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ উপৰিও আজি পুৱাৰ ভাগত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনাটো ।
Comments
Post a Comment