Posts

Showing posts from October, 2022

জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শাহানুৰ আলমক আটক

Image
Breaking.... 👉জুৰীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী শাহানুৰ আলমক আটক 👉জুৰীয়াৰ দগাওঁ পহৰা চকীৰ আৰক্ষীৰ অভিযানত লালুং গাৱৰ শাহানুৰ আলমক এটা চাবোনৰ বাকচ ভৰ্ত্তি( ১৪ গ্ৰাম ) ড্ৰাগছ সহ আটক কৰে আৰক্ষীয়ে 👉দগাওঁ শালপাৰা ৰেল আলীত ড্ৰাগছ বিক্ৰি কৰিবলৈ যোৱা শাহানুৰ আলম  জুৰীয়া লালুং গাঁৱৰ  ৰমজান আলীৰ পুত্ৰ  👉শাহানুৰ আলমৰ লগত কোন কোন জড়িত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

গোৱালপাৰা লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা অসম নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰৰ প্ৰতিক্ৰিয়া

Image
গোৱালপাৰা লক্ষীপুৰত   মিঞা মিউজিয়াম ছীল কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা অসম নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰৰ প্ৰতিক্ৰিয়া গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰাক সমৰ্থন জনাইছে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰে। মিয়া মিউজিয়াম সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে, মিঞা শব্দৰ অৰ্থ হৈছে মহাশয়, জনাব, ডাঙৰীয়া আৰু ইংৰাজীত ছাৰ ই কোনো জাতি বা সম্প্ৰদায় নহয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ  এই ভাষ্যৰ লগত  তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিৰ তালুকদাৰে একমত প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী য়ে ভাল কথাই কৈছে কিন্তু নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কাক বুজাইছিল সেইটো ৰাজহুৱা কৰক । নাঙল, জুৱলি,জাল কোনো সম্প্ৰদায়ৰ নহয় এইবোৰ কৃষকৰ হে সম্পদ। ইয়াত মুখ্যমন্ত্ৰীয়েও নিজৰ বুলি দাবী কৰা অনুচিত। কোনোবাই আমাক ভাগ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই  গুৰুৰ দৰে সকলোকেএকত্ৰিত হে কৰিব লাগে। লুঙি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা বিৰূপ মন্তব্যৰ ওপৰতো...

এটা দুঃখবৰ

Image
এটা দুঃখবৰ । বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু আমাৰ মাজত নাই । পুৱা ৯:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছে নিপন গোস্বামীয়ে। আৰু দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকীয়ে। ১৯৪৭ চনৰ চেপ্তেম্বৰত তেজপুৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল আৰু ৯ বছৰ বয়সতেই 'লাচিত বৰফুকন' নাটকত প্ৰথম অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। ১০০ৰো অধিক ছবিত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে ২০২১ বৰ্ষত ড. ভৱেন্দনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল আৰু আৱাহন থিয়েটাৰে এই বঁটাৰে সন্মানিত কৰে নিপন গোস্বামীক। ১৯৫৭ চনত পিয়লি ফুকনত শিশুশিল্পীৰ ভূমিকাত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে। 'সংগ্ৰাম' বুলছবিত নায়কৰ ৰূপত প্ৰথম অভিনয় কৰিছিল। এই মূহুৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ আজি পুৱা ৯:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা নিপন গোস্বামীয়ে। গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। আৰু দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী