গোৱালপাৰা লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা অসম নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰৰ প্ৰতিক্ৰিয়া
গোৱালপাৰা লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা অসম নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰৰ প্ৰতিক্ৰিয়া
গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা মিউজিয়াম ছীল কৰাক সমৰ্থন জনাইছে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা নিৰ্যাতিত পৰিষদৰ কাৰ্যকৰী সভাপতি আব্দুল জলিল তালুকদাৰে। মিয়া মিউজিয়াম সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে, মিঞা শব্দৰ অৰ্থ হৈছে মহাশয়, জনাব, ডাঙৰীয়া আৰু ইংৰাজীত ছাৰ ই কোনো জাতি বা সম্প্ৰদায় নহয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্যৰ লগত তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিৰ তালুকদাৰে একমত প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী য়ে ভাল কথাই কৈছে কিন্তু নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কাক বুজাইছিল সেইটো ৰাজহুৱা কৰক । নাঙল, জুৱলি,জাল কোনো সম্প্ৰদায়ৰ নহয় এইবোৰ কৃষকৰ হে সম্পদ। ইয়াত মুখ্যমন্ত্ৰীয়েও নিজৰ বুলি দাবী কৰা অনুচিত। কোনোবাই আমাক ভাগ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুৰ দৰে সকলোকেএকত্ৰিত হে কৰিব লাগে। লুঙি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা বিৰূপ মন্তব্যৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰা জলিল তালুকদাৰে।
Comments
Post a Comment