মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ।
মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাৰ।
মুখ্যমন্ত্ৰী ড° হিমন্তু বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই ।উল্লেখ্য যে ড° ক্ষিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে এশ দিন পূৰ্ণ কৰাৰ উপলক্ষে ৰাজ্যবাসীলৈ কেতবোৰ উপহাৰৰ কথা ঘোষনা কৰিছিল।ইয়াৰ ভিতৰত কভিড সৃষ্ট পৰিবেশত জুৰুলা হোৱা ড্ৰাইভাৰ হেণ্ডিমেন সকলৰ বাবে দহ হাজাৰ কৈ সাহায্য আগবঢ়োৱা ঘোষনাক আদৰনি জনাই পৰিবহন শ্ৰমিক সন্থাই।সন্থাৰ সভাপতি ছাইদূৰ ৰহমানে কয় যে মুখ্যমন্ত্ৰীৰ এই সাহায্য যাতে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে তাৰ প্ৰতি দৃষ্টি দিবৰ বাবে আহ্বান কৰে।উল্লেখ্য যে কভিড সৃষ্ট পৰিবেশত কৰ্মহীন হৈ জুৰুল হোৱা ড্ৰাইভাৰ হেণ্ডিমেন সকলক চৰকাৰী সহায় কৰিবৰ বাবে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই বিভিন্ন"সময়ত দাবী জনাই আহিছিল।
Comments
Post a Comment