ৰঙিয়াৰ বালিসত্ৰত আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। ক'ভিড ভেকচিন ভেজালকলৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ।
ৰঙিয়াৰ বালিসত্ৰত আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ। ক'ভিড ভেকচিন ভেজালকলৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি দিপাংক নাথৰ।
:- ছাত্র-ছাত্ৰী সকলে পাঠদানৰ আগতে ক'ভিডৰ ভেকচিন লোৱাতো প্ৰয়োজন। বিশেষকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত যি ভেকচিন লোৱা নিৰ্দেশ দিছে সেই নিৰ্দেশনা নিশ্চিত ভাবে প্ৰসংশনীয়। ৰঙিয়াৰ বালিসত্ৰত অসম আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথে এনেদৰে কয়। সভাপতি গৰাকীয়ে ক'ভিড ভেকচিন ভেজাল কৰণৰ ক্ষেত্ৰত উঠা এক অভিযোগ সন্ধৰ্ভত কয় যে এই ক্ষেত্ৰত আই চি এম আৰক কঠোৰ সিদ্ধান্ত ল'বলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও ভেকচিন ভেজাল কৰণ বিষয়টো কেন্দ্ৰীয় চৰকাৰক গুৰুত্ব সহকাৰে ল'বলৈ ছাত্ৰ নেতাজনে আহ্বান জনায়। ইফালে ৰাজ্য চৰকাৰৰ কিছু গা এৰা দিয়া মনোভাৱৰ বাবে বৰ্তমান সময়ত অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ লগত সীমা সমস্যাটোৰ স্থায়ী সমধান হোৱা নাই। যদি চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয় তেতিয়া হ'লে উত্তৰ পূৱৰ সকলো কেইখন ৰাজ্যৰ লগত অসমৰ যি সীমা সমস্যা,, সেই সমস্যা অতি সোনকালে সমাধা হ'ব বুলি নাথে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। ইফালে আৰক্ষীৰ বিভিন্ন পদত মকৰলৰ ক্ষেত্ৰত সুবিধা হোৱাৰ বাবে অসমৰ বিভিন্ন ঠাইত ছাত্ৰ সন্থাই আৰক্ষী নিয়োগৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে বুলি উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে।
Intaz Ali. Rangia.
Comments
Post a Comment