বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল ।

বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল ।



নগাঁও জিলাৰ বটদ্ৰৱাত চোৰাং চাউল জব্দ। ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশাৰ ভাগত বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে AS 02 CC 6890 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক । লগতে আটক কৰে মকবুল ইছলাম আৰু হেকমত আলী নামৰ দুজন চোৰাং চাউল সৰবৰাহকাৰীক । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা চলাই আহিছিল । ৰহস্যজনক ভাবে আৰক্ষীৰ চকুত ধূলি দিবলৈ ১৬০ বস্তা ধানৰ মাজত কৌশলেৰে ৪০ বেগ সমবায়ৰ সমিতিৰ (FCI )ৰ চাউল সৰবৰাহৰ চেষ্টা চলাইছিল যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা চাউল ভৰ্তি ট্ৰাক সহ দুজনক   আটক কৰিবলৈ সক্ষম হয়।


Comments