ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান ।
ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান ।
কামৰূপ জিলা কংগ্ৰেছ দলৰ মুল দায়িত্ব এজন সাংগঠনিক ভাবে অপৰিপক্ক ব্যক্তিৰ হাতত অৰ্পণ কৰাৰ পিচৰে পৰা সমগ্ৰ জিলাখনতে সাংগঠনিক দিশটো সম্পুৰ্ণৰূপে ভাঙি চুৰ্ণবিচুৰ্ণ হৈ পৰিছে । যাৰ ফলত ধৰ্ম নিৰপক্ষ দল এটা বিচাৰি বিশেষকৈ সংখ্যা লঘু লোকসকলে হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে । উপায়ন্তৰ হৈ সংখ্যা লঘু লোকসকলে অসম গণ পৰিষদ দলটো তেওলোকৰ ৰক্ষা কৱচ হিচাপে ভাবি দলটোত যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বিশেষকৈ কামৰূপ জিলা কংগ্ৰেছ দলৰ সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ গৃহ সমষ্টি ৰঙিয়াতে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটি থানবান হৈ পৰা দেখা গৈছে । যাৰ ফলত দলটোৰ একাংশ নিষ্ঠাবান কৰ্মী অসম গণ পৰিষদত যোগদান কৰিছে । এনে ধাৰাবাহিকতা ৰক্ষা কৰি ৰবিবাৰে ৰঙিয়া অগপৰ কাৰ্য্যালয়ত কংগ্ৰেছ দলৰ বহু তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে অগপত যোগদান কৰে অগপৰ ৰঙিয়া বিধানপৰিষদৰ সভাপতি লিলাধৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অগপৰ যোগদান কাৰ্য্যসূচীত প্ৰায় শতাধিক পুৰুষ মহিলাই যোগদান কৰে । অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি সুনিল ডেকা, অগপৰ কৃষক মৰ্চাৰ সভাপতি দিলীপ পাটগিৰি লগতে অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক অৰ্ণৱ ভড়ালী উপস্থিত থকা সভাখনত অধিকাংশ সংখ্যা লঘু সম্প্ৰদায়ৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা যোগদান কৰে । ইফালে যোগদান কাৰ্য্যসূচীত অসম গণ পৰিষদৰ নেতা সুনিল ডেকাই কয় যে কংগ্ৰেছ দল আৰু ২৫- ৩০ বছৰ অসমত শাসনলৈ নাহে । এই দলটো ৰাইজৰ উন্নয়ন কথা চিন্তা নকৰা দল বুলি সকলোৱে বুজি পাইছে । সেইবাবে কংগ্ৰেছ দলৰ সদস্য সকলে প্ৰত্যেক দিনা অগপত যোগদান কৰি আছে বুলি তেও উল্লেখ কৰে ।
Comments
Post a Comment