৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পাহাৰ সদৃশ জংঘল। বহু পথচাৰীৰ লগতে মৃত্যু হৈছে পশুধনৰ। জংঘলৰ সুযোগ লৈ নিশাৰ ভাগত সংঘটিত হয় বহু অসামাজিক কামৰ।*

 *৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পাহাৰ সদৃশ জংঘল। বহু পথচাৰীৰ লগতে মৃত্যু হৈছে পশুধনৰ। জংঘলৰ সুযোগ লৈ নিশাৰ ভাগত সংঘটিত হয় বহু অসামাজিক কামৰ।*

 

ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ চূড়ান্ত অৱহেলাৰ বাবে বিপদজনক হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে তথা সোঁমাজত পাহাৰ সদৃশ গঢ়ি উঠিছে জংঘল। এনে বিশাল জংঘলৰ বাবে দৈনিক সংঘটিত হৈ আহিছে দুৰ্ঘটনা। বিগত সময়ত পথযাত্ৰীৰ লগতে বহু পশুধনৰ মৃত্যু হৈছে এনে জংঘলৰ বাবে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ দায়িত্বত থকা ঘাইপথ নিৰ্মাণ সংস্থাই পথৰ দাঁতিত এনেদৰে গজি উঠা জংঘলবোৰ সময় মতে কাটিব লাগে যদিও জংঘলবোৰ নকটাৰ ফলত এনেদৰে বিপদজনক হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে জংঘলবোৰ এনেদৰে অভয়াৰণ্যৰ দৰে হৈ থকাৰ বাবে নিশাৰ ভাগত একাংশ ব্যক্তিয়ে চলাই আহিছে বহু অসামাজিক কামৰ লগতে ডকাইটি। আনকি চাৰিচকীয়া আৰু দুচকীয়া বাহনত নলবাৰী আৰু গুৱাহাটী অভিমুখী যাত্ৰী সকলে এনে জংঘলৰ বাবে যাত্ৰাৰ সময়ত ভয়ত কম্পমান হ'ব লগাত পৰে। এই ক্ষেত্ৰত সচেতন ৰাইজে কামৰূপ উপায়ুক্তক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে 


ৰঙিয়াৰ পৰা ইনতাজ আলী

Comments