ৰঙিয়া তুলসীবাৰীত অঘটন। ৰোগাক্ৰান্ত মহিলাৰ শ্লীলতা হানিৰ অভিযোগ। লম্পট ফাৰ্মাচীষ্ট জনক আটক। উপযুক্ত শাস্তিৰ দাবীত আৰক্ষী থানাত উপস্থিত স্থানীয় ৰাইজ।

    ৰঙিয়া তুলসীবাৰীত অঘটন। ৰোগাক্ৰান্ত মহিলাৰ শ্লীলতা হানিৰ অভিযোগ।  লম্পট ফাৰ্মাচীষ্ট জনক আটক। উপযুক্ত শাস্তিৰ দাবীত আৰক্ষী থানাত উপস্থিত স্থানীয় ৰাইজ। 


    মহিলা - যুৱতীক চিকিৎসা কৰাৰ নামত ৰঙিয়া তুলসীবাৰীৰ এজন লম্পট ফাৰ্মাচীষ্টে দীৰ্ঘদিনৰ পৰা সংঘটিত কৰি আহিছে অপকৰ্ম। এনে অপকৰ্ম চলাই থকাৰ পিছতো বিভিন্ন কৌশলেৰে খবিৰুদ্দিন আহমেদ নামৰ ফাৰ্মাচীষ্ট জন জালত পৰা নাছিল ।  কিন্তু সেই বেয়া দিনটো আজি আহিল খবিৰুদ্দিন নামৰ এই ধুৰন্ধৰ ফাৰ্মাচীষ্ট জনৰ ।  হঠাতে স্থানীয় এগৰাকী মহিলাৰ গা-বেয়া লগাৰ বাবে তুলসীবাৰীৰ "বিউটি মেডিকেল ষ্টৰ" নামৰ ফাৰ্মাচীখনৰ ফাৰ্মাচীষ্ট খবিৰুদ্দিন আহমেদক ঘৰলৈ মাতে । মহিলা গৰাকীক প্ৰথমে খবিৰুদ্দিনে প্ৰেছাৰ জোখে । প্ৰেছাৰ জোখাৰ পিছতে খবিৰুদ্দিনে মহিলা গৰাকীৰ দেহৰ গুপ্তাংগত হাত দিয়ে । মহিলা গৰাকীয়ে প্ৰতিবাদ কৰাৰ পিছতো বাৰে বাৰে এনে অপকৰ্ম কৰিবলৈ চেষ্টা কৰাত কোনোমতে নিজকে ৰক্ষা কৰি মহিলা গৰাকী ফাৰ্মাচীষ্ট জনৰ কৱলৰ পৰা নিজক বচাবলৈ চেষ্টা কৰি চিঞৰি দিয়াত স্থানীয় লোক দৌৰি আহে। লগে লগে বিষয়টোৰ সন্ধৰ্ভত মহিলাগৰাকীয়ে ঘৰৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ আন ব্যক্তি সকলক অৱগত কৰে। লম্পট ফাৰ্মাচীষ্ট জনে প্ৰথমে ভয়-ভাবুকি দিয়ে মহিলাগৰাকীক। তাৰপিছত ধন দিম বুলিও প্ৰলোভন দিয়াৰ অভিযোগ। বাইকৰ চাবিৰে মহিলা গৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতো কৰে। ঘটনাৰ বিষয়ে তুলসীবাৰী আৰক্ষীয়ে অৱগত হোৱাত লম্পট স্বভাৱৰ খবিৰুদ্দিনক আটক কৰে । ইফালে উত্তেজিত ৰাইজে খবিৰুদ্দিনক উচিত শাস্তি প্ৰদানৰ বাবে তুলসীবাৰী আৰক্ষী চকীত উপস্থিত হয়। তাৰোপৰি উল্লেখযোগ্য কথাতো হ'ল খবিৰুদ্দিনে চলাই অহা ফাৰ্মাচীখনৰ কোনোধৰণৰ অনুজ্ঞা পত্ৰও নাই। 

Comments