গো ছিণ্ডিকেটৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে অসমত আৰম্ভ হ'ল নেকি ছাগলী ছিণ্ডিকেট !

গো ছিণ্ডিকেটৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱাৰ পিছতে অসমত আৰম্ভ হ'ল নেকি ছাগলী ছিণ্ডিকেট ! বহিঃৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰিলে ছাগলী ভৰ্ত্তি ট্ৰাক। ৰঙিয়াত জব্দ দুখনকৈ ছাগলী ভৰ্ত্তি ট্ৰাক।*
অসম চৰকাৰে গো সুৰক্ষা আইন প্ৰণয়ন কৰাৰ পিছতে গো ছিণ্ডিকেট চক্ৰটোৱেই আৰম্ভ কৰিছে নেকি ছাগলী ছিণ্ডিকেট ! 


বহিঃৰাজ্যৰ পৰা নথিপত্ৰ অবিহনে অসমত প্ৰৱেশ কৰা দুখনকৈ ছাগলী ভৰ্ত্তি ট্ৰাক বৃহস্পতিবাৰে ৰঙিয়াত জব্দ কৰিলে আৰক্ষীয়ে। 
অসম চৰকাৰে আন্তঃজিলা যাতায়ত ব্যৱস্থা খুলি দিয়াৰ লগে লগে বৃহৎ চক্ৰ এটাই বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাইছে ছাগলী ভৰ্ত্তি চাৰিখনকৈ ট্ৰাক। চাৰিখন ট্ৰাক ৰঙিয়াত আহি উপস্থিত হোৱাৰ লগে লগে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে বিষয়টো আৰক্ষীক অৱগত কৰে।
    ইয়াৰে দুখন ট্ৰাক পলায়ন কৰে যদিও BR-01-GH-5676 আৰু AS- 01-MC-4543 নম্বৰৰ আন দুখন ছাগলী ভৰ্ত্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে।ট্ৰাক দুখনত কোনোধৰণৰ নথিপত্ৰ নথকাৰ উপৰিও মনা নাছিল পশুধন কঢ়িয়াই অনা কোনো নিয়ম।
 আৰক্ষীয়ে ৰঙিয়া বালাগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হোৱা ট্ৰাক দুখনত কোনো নথিপত্ৰ নাপায় জব্দ কৰিবলৈ বাধ্য হয়।
ইটোৰ পিছত সিটো ছিণ্ডিকেট চলি থকাৰ মাজতে ছাগলীৰ এইদৰে অবৈধ ভাৱে সৰবৰাহে কি সূচাইছে ?
ৰাজ্যত গঢ় লৈছে নেকি ছাগলী ছিণ্ডিকেটৰ লগত জড়িত এক বৃহৎ চক্ৰ !


Comments