আত্মা”ৰ উদ্যোগত এদিনীয়াকৈ বড়ো খেতিৰ প্ৰশিক্ষণ সম্পন্ন:
🟩 আত্মা”ৰ উদ্যোগত এদিনীয়াকৈ বড়ো খেতিৰ প্ৰশিক্ষণ সম্পন্ন:
🟢 অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাষ্ট্ৰীয় ধান গবেষণা কেন্দ্ৰ চমুকৈ (আই আৰ আৰ আই)ৰ সহযোগত আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাত “আত্মা”ৰ উদ্যোগত বোকাখাত মহকুমাৰ মহুৰামুখৰ ২ নং অফলাত আজি এদিনীয়াকৈ বড়ো ধানৰ খেতিৰ ওপৰত প্ৰশিক্ষণৰ লগতে মেট পদ্ধতিৰে বড়ো ধানৰ কঠিয়া সীঁচা কাৰ্য পৰীক্ষামূলক ভাবে কৃৰ্ষক সকলক দেখোৱাৰ লগতে প্ৰশিষণ প্ৰদান কৰে ৷
🟢২ নং অফলাৰ বড়ো খেতিৰ পথাৰত অনুষ্ঠিত কৰা প্ৰশিক্ষণত উপস্থিত থাকে এপাৰ্টৰ নডেল অফিচাৰ ৰঞ্জন বৰা, “আত্মা”ৰ প্ৰকল্প সঞ্চালক তপন কুমাৰ মহন্ত, বোকাখাত খণ্ডৰ বি টি এম ৰমেন বৰমথাৰী, আই আৰ আৰ আইৰ কাৰিকৰী বিশেষজ্ঞ অভিশেষ সিংঘা,আই আৰ আৰ আইৰ বিশেষজ্ঞ স্বৰাজ বৈশ্য আৰু আই আৰ আৰ আইৰ কাৰিকৰী বিষয়া প্ৰদ্যুপ্ন শ্ৰীচানদিয়ানে৷
🟢দুকুৰিৰো অধিক কৃষকে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত নডেল অফিচাৰ ৰঞ্জন বৰাই কয়,--“আজিৰ প্ৰশিক্ষণে কৃষক সকলক উন্নত প্ৰযুক্তি বিদ্যাৰে অধিক উৎপাদন কৰাত সহায়ক হব৷ উন্নত প্ৰযুক্তি বিদ্যাই কৃষক সকলৰ কষ্ট কমাব আৰু উৎপাদন বঢ়াব৷”
🟢 কভিডৰ সকলোবোৰ বিধি মানি অনুষ্ঠিত কৰা প্ৰশিক্ষণ কালত ব্ৰহ্মপুত্ৰ ভেলী এগ্ৰো প্ৰডিউচাৰ কোম্পানীৰ কাষ্টমাৰ হিয়েৰিং চেন্টাৰৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে৷
Comments
Post a Comment