তামুলপুৰ বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচন ৷ নিৰ্বাচনৰ পৰা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ নাম প্ৰত্যাহাৰ ll
তামুলপুৰ বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচন ৷ নিৰ্বাচনৰ পৰা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ নাম প্ৰত্যাহাৰ ll
বিপিএফ এৰি বিজেপিত যোগদান কৰিছিল ইমানুৱেল মোছাহাৰীয়ে। তামুলপুৰৰ উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীত্বৰ তীব্ৰ দাবীদাৰ আছিল ইমানুৱেল মোছাহাৰী।
মিত্ৰ জোঁটে তামুলপুৰ আসন খন ইউপিপিএলক এৰি দিয়াত ক্ষোভিত হৈ নিৰ্দলীয় ভাৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল।
আজি ইমানুৱেল মোছাহাৰীয়ে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰে।
সাংবাদিকৰ আগত তেওঁ কয়-
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত মনোনয়ন প্ৰত্যাহাৰ কৰা হৈছে।
মুছলপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ইমানুৱেল মুছাহাৰীয়ে ll
মনোনয়ন প্ৰত্যাহাৰৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু তামুলপুৰ জিলা বিজেপিৰ নেতা- কৰ্মী ৷
ইমানুৱেল মোছাহাৰীক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ কোনো হেঁচা প্ৰয়োগ কৰা হোৱা নাই বুলি দিগন্ত কলিতাৰ ঘোষণা ll
ইফালে চণ্ডী বসুমতাৰী আৰু দেবেন বড়োৱে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ ৷
এতিয়া ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব তামুলপুৰ বিধানসভা সমষ্টিত ৷
Comments
Post a Comment