গুৱাহাটী বিমানবন্দৰৰ পৰা অসমৰ প্ৰথমটো ওমৰাহ হজ্বযাত্ৰীৰ দল মক্কা অভিমুখে ৰওনা।

গুৱাহাটী বিমানবন্দৰৰ পৰা অসমৰ প্ৰথমটো ওমৰাহ হজ্বযাত্ৰীৰ দল মক্কা অভিমুখে ৰওনা।
 বিমান বন্দৰত ওমৰাহ হজ্বযাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন। 

শুক্ৰবাৰে
 গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ্ব ট্ৰেভেলচৰ জৰিয়তে নগাঁও, বৰপেটা, চিৰাং, বঙাইগাঁও, ধুবুৰী, লক্ষিমপুৰ আদি জিলাৰ পৰা অসমৰ প্ৰথমটো ওমৰাহ হজ্বযাত্ৰীৰ দল  মক্কা অভিমুখে ৰাওনা হৈছে। সেই অনুসৰি গুৱাহাটী বিমানবন্দৰ প্ৰাংগনত হজ্বযাত্ৰী সকলক  সম্বৰ্ধনা জনোৱা উপলক্ষে এখন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত অসমীয়া ফুলাম গামোচাৰে ওমৰাহ হজ্বযাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত ট্ৰেভেলচৰ অধ্যক্ষ আলহাজ আব্দুল হাই, কাৰ্য্যনিৰ্বাহক সদস্য আলহাজ দেৱান নুৰ ইছলাম, কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আজিজুৰ ৰহমান, নগাঁও জিলাৰ মুফতি আব্দুল কৰিম প্ৰমুখ্যে কেইবাজন সাংবাদিক উপস্থিত  থাকে । উল্লেখ্য যে বিগত দুটা বছৰ কৰনা মহামাৰীৰ বাবে হজ্ব আৰু ওমৰাহ হজ্ব বন্ধ আছিল।  কাইলৈ মদিনাত ট্ৰেভেলচৰ মুখ্য সচিব আলহাজ মনিৰ উদ্দিনে ওমৰাহ হজ্বযাত্ৰী  সকলক আদৰণি জনাব । আনহাতে  অহা ২২ ফেব্ৰুৱাৰীতো গুৱাহাটী বিমানবন্দৰৰ পৰা আন এটা গ্ৰুপ ওমৰাহ হজ্ব কৰিবলৈ যাত্ৰা কৰিব বুলি ট্ৰেভেলচৰ অধ্যক্ষই জানিবলৈ দিয়ে ।

Comments