গৰাখহনীয়াত গৃহহীন ৭০ টা পৰিয়াল।

কিশমত মৈনবৰী নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে বেঁকী নদীৰ বিধ্বংশী গৰাখহনীয়াই।
 
 গৰাখহনীয়াত গৃহহীন ৭০ টা পৰিয়াল। অনাহাৰে ৰাস্তাৰ ওপৰত কটাইছে অনিদ্ৰা ৰজনী। 

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিশমত মইনবৰীত বেঁকী নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। নদীৰ গৰাখহনীয়াই কিশমত মইনবৰীত নৈপৰীয়া লোকৰ ঘৰ বাৰী, কৃষিভুমি সকলো বেঁকী নৈৰ বুকুত জাহ গৈছে। নৈৰ কৰাল গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে ৭০ টাকৈ পৰিয়াল। আনকি নৈখনৰ গৰাখহনীয়াই বিঘাই বিঘাই তিয়হ, মাকৈ, মাটিমাহ, জলকীয়া, সৰিয়হ আদি খেতি নদীৰ বুকুত জাঁহ যোৱাৰ ফলত খেতিয়কৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। চৰকাৰ, প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধি এই দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে নদীৰ গৰাখহনীয়া গ্ৰস্তক পুনৰ সংস্থাপন দিয়াৰ দাবী জনাইছে।

Comments