ৰঙিয়াত ৰেল বিভাগত কৰ্মৰত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যু।
ৰঙিয়াত ৰেল বিভাগত কৰ্মৰত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যু।
ৰঙিয়াত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যু। এঘৰ মানুহৰ ঘৰৰ পাছফালৰ মেটেকা ভৰ্ত্তি খাৱৈত পৰি মৃত্যু উমেশ ডেকা নামৰ লোকজনৰ।
মৃত লোকজন ৰঙিয়াস্থিত ৰেল বিভাগৰ মাণ্ডলীক প্ৰবন্ধৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ ধেমাজী জিলাত ৷
মৃত ব্যক্তিজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হোৱাৰ বাবে হত্যাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
উল্লেখ্য যে, মৃত লোকজন যোৱা নিশা ৰঙিয়াৰ দলেগাঁৱৰ এক চুলাই ঘাটিলৈ গৈছিল।
অৱশেষত চুলাই -য়েই কাল হ'ল উমেশ ডেকাৰ। চুলাই-ৰ বাবেই অকাল মৃত্যুক সাৱটিব লগাত পৰে উমেশ ডেকা নামৰ লোকজনে।
মৃতদেহৰ কাষত ৰৈ পত্নীৰ কৰুণ বিননি। আচলতে এয়া আকস্মিক দুৰ্ঘটনা নে পৰিকল্পিত হত্যা কাণ্ড সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
Comments
Post a Comment