হাউলী সাহিত্য সভা ভৱনত অসম সম্প্ৰীতি মঞ্চৰ বৰ্দ্ধিত কাৰ্যকৰী সভা।
হাউলী সাহিত্য সভা ভৱনত অসম সম্প্ৰীতি মঞ্চৰ বৰ্দ্ধিত কাৰ্যকৰী সভা।
বাংলাদেশত দুৰ্গোৎসৱত ব্যাঘাত জন্মোৱা দুষ্কৃতিকাৰীক গৰিহণা অসম সম্প্ৰীতি মঞ্চৰ।
বিভিন্ন জাতি-ধৰ্ম,বৰ্ণ জনগোষ্ঠীৰ মাজত ঐক্য শান্তি, সম্প্ৰতি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ লক্ষ্যৰে গঠন হোৱা অসম সম্প্ৰতি মঞ্চৰ এখন বৰ্দ্ধিত কাৰ্যকৰী সভা ১৬ অক্টোবৰত হাউলী সাহিত্য সভা ভৱনত মঞ্চৰ সভাপতি হজৰত আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সম্প্ৰতি মঞ্চৰ সাধাৰণ সম্পাদক ডাঃ আব্দুল কদ্দুচ চিকদাৰে। মঞ্চৰ কাৰ্যকৰী সভাপতি আব্দুল মালিকে মঞ্চৰ লক্ষ্য আৰু ইয়াৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত বক্তব্য দিয়ে । সভাত অসম সম্প্ৰীতি মঞ্চৰ পহিলা অধিবেশন খন অহা জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত হাউলীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সভাত মৌলানা মইনুল হকৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় । উল্লেখ্য যে দুষ্কৃতিকাৰীয়ে বাংলাদেশত হিন্দু সকল দূৰ্গোৎসৱত ব্যাঘাত জন্মোৱাত দুষ্কৃতিকাৰী অসম সম্প্ৰীতি মঞ্চৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
Comments
Post a Comment