Posts

ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালন ।

Image
 ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ সোমবাৰে সমগ্র দেশৰ লগতে ৰঙিয়াটো পালন কৰা হয় । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত এই উপলক্ষে এখন সভা অনুষ্ঠিত হয় । বিশ্ব হিন্দু পৰিষদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ উক্ত আলোচনা চক্ৰত বিশ্ব হিন্দু পৰিষদৰ কেইবাগৰাকী নেতাৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা উপস্থিত থাকে । উপস্থিত থকা ব্যক্তি সকলে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত বক্তব্য ৰাখে  লগতে আজি ইয়াতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ আৰু মন্ত্ৰী পিয়ুশ হাজৰিকাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।তেওঁ কয় যে দিল্লীৰ অসম ভৱনত দুয়ো জন গৈছে চাহ পানী খাইছে কিন্তু ৰাজনৈতিক কথা আলোচনা হোৱা নাই,বিজেপিৰ লগত কোনো ধৰণৰ কথা বতৰা চলা নাই তেনেকুৱা একো ।আনহাতে আজি এআইডিউএফ  দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে মন্তব্য কৰিছিল যে ফণী তালুকদাৰক বিজেপিয়ে জেলৰ ভয় দেখুৱাই নিছে,সেই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে বিজেপি দলে তেনেকুৱা কাম কেতিয়াও নকৰে,সেইবিলাক কাম তেওঁলোকে কয় ,ভাৰতীয় জনতা পাৰ্টি আজি ইমান ডাঙৰ দল ইম...

ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান ।

Image
ৰঙিয়াত অগপৰ বৃহৎ যোগদান কাৰ্য্যসূচী । বিভিন্ন দলৰ কৰ্মীৰ যোগদান । কংগ্ৰেছ বহু তৃৰ্ণমুল পৰ্য্যায়ৰ নেতাৰ যোগদান । কামৰূপ জিলা কংগ্ৰেছ দলৰ মুল দায়িত্ব এজন সাংগঠনিক ভাবে অপৰিপক্ক ব্যক্তিৰ হাতত অৰ্পণ কৰাৰ পিচৰে পৰা সমগ্ৰ জিলাখনতে সাংগঠনিক দিশটো সম্পুৰ্ণৰূপে ভাঙি চুৰ্ণবিচুৰ্ণ হৈ পৰিছে । যাৰ ফলত ধৰ্ম নিৰপক্ষ দল এটা বিচাৰি বিশেষকৈ সংখ্যা লঘু লোকসকলে হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে । উপায়ন্তৰ হৈ সংখ্যা লঘু লোকসকলে অসম গণ পৰিষদ দলটো তেওলোকৰ ৰক্ষা কৱচ হিচাপে ভাবি দলটোত যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।  বিশেষকৈ কামৰূপ জিলা কংগ্ৰেছ দলৰ সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ গৃহ সমষ্টি  ৰঙিয়াতে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটি থানবান হৈ পৰা দেখা গৈছে । যাৰ ফলত দলটোৰ একাংশ নিষ্ঠাবান কৰ্মী অসম গণ পৰিষদত যোগদান কৰিছে । এনে ধাৰাবাহিকতা ৰক্ষা কৰি ৰবিবাৰে ৰঙিয়া অগপৰ কাৰ্য্যালয়ত কংগ্ৰেছ দলৰ বহু তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে অগপত যোগদান কৰে অগপৰ ৰঙিয়া বিধানপৰিষদৰ সভাপতি লিলাধৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অগপৰ যোগদান কাৰ্য্যসূচীত প্ৰায় শতাধিক পুৰুষ মহিলাই যোগদান কৰে । অগপৰ কেন্দ্ৰীয় সমিতিৰ...

বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল ।

Image
বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCI ৰ চোৰাং চাউল । নগাঁও জিলাৰ বটদ্ৰৱাত চোৰাং চাউল জব্দ। ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশাৰ ভাগত বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে AS 02 CC 6890 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক । লগতে আটক কৰে মকবুল ইছলাম আৰু হেকমত আলী নামৰ দুজন চোৰাং চাউল সৰবৰাহকাৰীক । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা চলাই আহিছিল । ৰহস্যজনক ভাবে আৰক্ষীৰ চকুত ধূলি দিবলৈ ১৬০ বস্তা ধানৰ মাজত কৌশলেৰে ৪০ বেগ সমবায়ৰ সমিতিৰ (FCI )ৰ চাউল সৰবৰাহৰ চেষ্টা চলাইছিল যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা চাউল ভৰ্তি ট্ৰাক সহ দুজনক   আটক কৰিবলৈ সক্ষম হয়।

news

Image
শুদ্ধ,সত্য আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে আজি News অসম নামৰ পৰ্টেলৰ শুভ উম্নোচন কৰা হয় নগাওঁ জিলাৰ কটহগুৰিৰ মুখ্য কাৰ্যালয়ত|  আমি লৈ আহিম গাৱে-ভূৱে,নগৰে চহৰে, অলিয়ে-গলিয়ে,চুকে-কুণে, লুকাই থকা আৰৰ বাতৰি| উম্নোচনত উপস্থিত থাকে মুখ্য অথিতি ড:খাইৰুল ইছলাম  অধ্যক্ষ কটহগুৰি মহাবিদ্যালয়। আমন্ত্ৰিত অথিতি হিচাপে লগত থাকে কটহগুৰি নিউ PHC ভাৰপ্ৰাপ্ত ডাঃ মতিবুৰ ৰহমান । (কাৰ্য্যলয় শুভ উদ্ধোধন কৰে ড.খাইৰুল ইছলাম চাহাবে আৰু চেনেল উম্নোচন কৰে ড: খাইৰুল ইছলাম ,ডাঃ মতিবুৰ ৰহমান ,প্ৰাক্তন জিলা পৰিশদৰ সদস্যা, আনোৱাৰা চুলতানা বেগম নিউজ অসমৰ সভাপতি ছিৰাজ উদ্দিন , নিউজ চেনেলৰ প্ৰতিষ্টাপক ৰিবুল হক আৰু সমাজৰ বিশিষ্ট  গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

বঢ়মপুৰ সমষ্টিৰ কামপুৰত সচেতন মহিলাৰ প্রতিবাদ

Image
বঢ়মপুৰ সমষ্টিৰ কামপুৰত  সচেতন মহিলাৰ প্রতিবাদ বঢ়মপুৰ সমষ্টিৰ BJP বিধায়ক জিতু গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাক কেন্দ্ৰ কৰি আজি কামপুৰত  প্ৰতিবাদ সাব্যস্ত কৰে কামপুৰৰ সচেতন মহিলাই  কেইদিনমান আগত  বিধায়ক গোস্বামীৰ ঘৰ ঘেৰাও কৰে জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ; কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠনে।   ইয়াৰ প্রত্যোত্তৰত আজি কামপুৰত কামপুৰৰ সচেতন মহিলা সকলে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।প্ৰতিবাদী মহিলা সকলে BJP নেতা "জিতু গোস্বামী জিন্দাবাদ" আৰু " BJP জিন্দাবাদ" ধ্বনি দি কামপুৰৰ পৰিবেশ উত্তাল কৰি তোলে।

বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিত BJP কৰ্মীৰ প্রতিবাদ।

Image
বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলিত BJP কৰ্মীৰ প্রতিবাদ BJP বিধায়ক জিতু গোস্বামীৰ বাসগৃহ ঘেৰাও কৰাক কেন্দ্ৰ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।   আজি দিনৰ ভাগত বিধায়ক গোস্বামীৰ ঘৰ ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও সংগঠনে।   ইয়াৰ প্রত্যোত্তৰত কেইবাজনো BJP নেতা "জিতু গোস্বামী জিন্দাবাদ" আৰু " BJP জিন্দাবাদ" ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে।

আজি শিলচৰ কাটিগড়া সমষ্টিৰ বহুতো ঠাইত আধাৰশিলা স্থাপন,বিজেপিৰ সাংসদ মাননীয় ৰাজদীপ ৰাই ডাঙৰীয়া।

Image
:আজি শিলচৰ কাটিগড়া সমষ্টিৰ বহুতো ঠাইত  আধাৰশিলা স্থাপন,বিজেপিৰ সাংসদ মাননীয় ৰাজদীপ ৰাই ডাঙৰীয়া।  প্ৰধানমন্ত্ৰী গ্ৰাম সৰক যোযনাৰ অধীনত কাটিগড়া সমষ্টিত আধাৰশিলা স্থাপন কৰে বিজেপিৰ সাংসদ শ্ৰী ৰাজদীপ ৰাই ডাঙৰীয়াই আৰু  উপস্থিত থাকে কাটিগড়াৰ বিধায়ক মাননীয় খলিল উদ্দীন মজুমদাৰ ডাঙৰীয়া,কাছাৰ জিলাৰ বিজেপি সভাপতি বিমালেনডু ডাঙৰীয়া,সাংসদ প্ৰতিনিধি পুলাক দাচ ,SC মৰ্চাৰ ৰাজ্যৰ সহ সভাপতি নিবাচ দাচ ,মণ্ডলৰ সহ সভাপতি ছোবৰাতা চক্ৰৱৰ্তী, ৰাজ্য পৰিষদৰ সদস্য ভুপেন্দ বৈষ্ণৱ।